গোলাঘাট জিলাৰ মেৰাপানীৰ নেঘেৰিবিলৰ দখলিকৃত ভূমিত ৰাজ্য চৰকাৰে উচ্ছেদ চলোৱাৰ পাছতে অঞ্চলটোৰ ভূমি নগাসকলৰ বুলি সীমান্তৰ তিনিখন নগাবস্তিৰ কাউন্সিলে মন্তব্য কৰাৰ পাছত ৰাজ্যৰ বিভিন্ন দল-সংগঠনে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে। কালি নগালেণ্ডৰ একাংশ লোকে সৰুপথাৰৰ গেলাজান আৰু ২ নম্বৰ ৰজাপুখুৰী তেওঁলোকৰ বুলি দাবী কৰিছিল। আজি মেৰাপানী সীমান্তৰ নেঘেৰিবিলৰ সমীপৱৰ্তী তিনিখন নগা বসতিপ্রধান গাঁৱৰ ভিলেজ চেয়াৰমেনে নেঘেৰিবিলৰ ভূমি নগালেণ্ডৰ বুলি দাবী কৰি এটা ভিডিঅ’ মুকলি কৰে। তেওঁলোকে নেঘেৰিবিলৰ বনভোজথলীত ৰাজ্যৰ বিভিন্ন ঠাইৰ লোকে বনভোজ খাই অহা কার্য এতিয়াৰেপৰা বন্ধ কৰা হ’ব বুলি কৰা ঘোষণাক অসমৰ কেইবাটাও সংগঠনে গৰিহণা দিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলে এই বিষয়ত সাংবাদিকৰ আগত প্ৰকাশ কৰি দখলমুক্ত এলেকাত অসম আৰক্ষীৰ নিয়মীয়া তহলৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। তদুপৰি নেঘেৰিবিলত সোনকালে অসম বেটেলিয়নৰ এটা স্থায়ী শিবিৰ নিৰ্মাণৰো তেওঁলোকে দাবী তোলে। এই স্পৰ্শকাতৰ সীমান্ত অঞ্চল ৰাজ্যখনৰ ভৌগোলিক মানচিত্ৰৰ ভিতৰত থকা হেতুকে বিষয়টো লৈ নিশ্চয়তা প্রদান কৰিবলৈ তেওঁলোকে মুখ্যমন্ত্রীক দাবী জনায় ।
Assamese | August 5, 2025 7:24 PM | Golaghat
নেঘেৰিবিলৰ দখলিকৃত ভূমি সন্দৰ্ভত নগাবস্তিৰ কাউন্সিলৰ মন্তব্যৰ পাছত ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ তীব্র প্রতিক্রিয়া