গোলাঘাট জিলাৰ মেৰাপানীৰ ২ নম্বৰ নেঘেৰীবিলত আজি দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানত প্রশাসনে ৫৯ টা পৰিয়ালৰ বাসগৃহ উচ্ছেদ কৰে। আজি পুৱাৰেপৰা বন বিভাগৰ লগতে গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত এই উচ্ছেদ অভিযান চলোৱা হৈছে। উল্লেখযোগ্য যে যোৱাবৰ্ষৰ জুলাইত নেঘেৰিবিল প্রায় ৫০ একৰ ভূমিত প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান চলোৱা হৈছিল। সেই সময়ত অঞ্চলটোৰ ২০৫টা পৰিয়ালৰ ৫৯টা পৰিয়ালে উচ্ছেদৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত প্রশাসনে এই অভিযান স্থগিত ৰাখিছিল। পৰৱৰ্তী সময়ত আদালতৰ ৰায় চৰকাৰৰ পক্ষে হোৱাত আজি পুনৰ উচ্ছেদ অভিযান চলোৱা হয়। জিলাখনৰ সৰুপথাৰৰ গেলাজান আৰু জয়পুৰতো আজি ৭২টা পৰিয়ালৰ বাসগৃহ উচ্ছেদ কৰা হয় ।
প্ৰশাসনে আজি নগাঁও আৰু হোজাই জিলাতো উচ্ছেদ অভিযান চলায়। হোজাইৰ যমুনা মৌদংগা সংৰক্ষিত বনাঞ্চলত ১৫২ বিঘা দখলীকৃত ভূমি উচ্ছেদৰ বাবে এই অভিযান চলোৱা হয়। নগাঁও জিলা প্রশাসনে আজি বৰপানীৰ ৩৫০ বিঘা আৰু লুটিমাৰীত ১৫২ বিঘা দখলীকৃত ভূমি উচ্ছেদৰ বাবে অভিযান চলায়। উল্লেখযোগ্য যে ৩ খন জিলা প্ৰশাসনে মুঠ ৪ হাজাৰ ৭৫৮ বিঘা দখলীকৃত ভূমি মুকলি কৰাৰ বাবে এই উচ্ছেদ অভিযান চলাইছে।