ডিব্ৰুগড় জিলাৰ দুলীয়াজান শাখা লেখিকা সংস্থাৰ দ্বাদশ দ্বি-বার্ষিক অধিৱেশন কালি দিনজোৰা কাৰ্যসূচীৰে দুলীয়াজানৰ ৰ’টাৰী সমূহীয়া কেন্দ্ৰত অনুষ্ঠিত হয়। পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণেৰে আৰম্ভ হোৱা অধিৱেশনত পৰৱৰ্তী কার্যকালৰ বাবে মিতালী মহন্তক সভাপতি আৰু ছায়ামণি দত্তক সম্পাদক হিচাপে লৈ ২১ জনীয়া এখন সমিতি গঠন কৰা হয়। অধিৱেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত মুকলি সভাত দুলীয়াজান শাখাৰ লেখিকা মুখ্য উপদেষ্টা সংগীতা বৰুৱাই ভাষণ দিয়ে। এই অনুষ্ঠানতে সংস্থাৰ মুখপত্ৰ কৰণী, দুলীয়াজান সাহিত্য সভাৰ সভাপতি ড০ অজিৎ শইকীয়াই উন্মোচন কৰে। অধিৱেশনৰ উপলক্ষে আয়োজন কৰা মদিৰা শইকীয়া ভূঞা সোঁৱৰণী কাব্যগ্ৰন্থ প্ৰতিযোগিতাত ব্যঞ্জনাবাদ শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে বৈদ্যব্রাইট বুঢ়াগোহাঁইক প্ৰথম পুৰস্কাৰ প্ৰদান কৰা হয়।
Assamese | July 6, 2026 12:57 PM | Duliajan
দুলীয়াজান শাখা লেখিকা সংস্থাৰ দ্বাদশ দ্বি-বার্ষিক অধিৱেশন অনুষ্ঠিত