July 6, 2026 12:20 PM | Amit sah

printer

নতুন দিল্লীত আজি সমবায় মন্ত্ৰালয়ৰ পঞ্চম প্রতিষ্ঠা দিৱসত অমিত শ্বাহৰ অংশগ্ৰহণ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত সমবায় মন্ত্ৰালয়ৰ পঞ্চম প্রতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিব। সহযোগিতাৰে সমৃদ্ধি দৃষ্টিভংগীৰে প্ৰতিষ্ঠা দিৱস সমাৰোহ উদযাপিত হ’ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এই উপলক্ষে শ্ৰীশ্বাহে বিভিন্ন পদক্ষেপ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত ২৩১টা শস্য মজুত ভঁৰাল, সহকাৰ ভেনৰ ভূমি পূজন, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ কলাকৰ্ষণ চৌহদৰ ভূমি পূজন, ৰাষ্ট্রীয় সমবায় তথ্য আধাৰ- এন চি ডি-৩.০ৰ উদ্বোধন, ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ডৰ দুগ্ধ যোগান পর্যালোচনা প’ৰ্টেল মুকলি আদি কাৰ্যসূচী আছে। এই অনুষ্ঠানতে ভাৰতীয় বীজ সহকাৰী সমিতি লিমিটেড আৰু ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ মাজৰ এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’ব। ইয়াৰ জৰিয়তে বীজ ব্যৱস্থা আৰু দুগ্ধ উৎপাদন সমবায় সমিতিসমূহৰ বাবে আৰ্হি উপ-নিয়ম শক্তিশালী কৰি তোলাৰ লগতে মন্ত্ৰালয়ৰ সফলতাসমূহৰ বিষয়ে আলোকপাত কৰি এখন গ্ৰন্থ উন্মোচন কৰা হ’ব। মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰী ৰাজীব ৰঞ্জন সিং, ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মা, সমবায় ৰাজ্য মন্ত্ৰী কৃষণ পাল গুৰ্জৰ আৰু মুৰুলীধৰ মহল এই অনুষ্ঠানত উপস্থিত থাকিব। উল্লেখযোগ্য যে বিগত ৫ বছৰত মন্ত্ৰালয়ে প্রাথমিক কৃষি ঋণ সমিতি, সমবায় বেংক, দুগ্ধ সমবায়, নগৰীয়া সমবায়, ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমবায় প্রতিষ্ঠান আৰু বহুৰাজ্যিক সমবায় সমিতিসমূহৰ বাবে ভালেমান পৰিৱৰ্তন পদক্ষেপ গ্ৰহণ কৰিছে।