September 30, 2026 10:07 AM

views 7

জলন্ধৰত আজি অমিত শ্বাহৰ নিচামুক্ত পঞ্জাৱ শীৰ্ষক সজাগতামূলক যাত্ৰাৰ শুভাৰম্ভ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি পঞ্জাৱৰ জলন্ধৰত নিচামুক্ত পঞ্জাৱ শীৰ্ষক সজাগতামূলক যাত্ৰাৰ শুভাৰম্ভ কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত গৃহমন্ত্ৰীগৰাকীয়ে ভাষণ দিব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে যোৱা ১৮ ছেপ্তেম্বৰত পাঠানকোটত আৰম্ভ কৰা এই যাত্ৰাই বিগত ১৩ দিনত ১১৭টা বিধানসভা সমষ্টিৰ ৪ হাজাৰ কিলোমিটাৰ দূৰত্বক সামৰি লৈছে। এই যাত্ৰাৰ জৰিয়তে জনসাধাৰণৰ মাজত মাদক দ্রব্য বিৰোধী সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। তদুপৰি এই যাত্ৰাৰ জৰিয়তে ৰাজ্যখনৰ তিনিটা মূল প্ৰত্যাহ্বান মাদক দ্ৰব্যৰ সৰবৰাহ, আ...

August 12, 2026 8:15 PM

views 23

সাংসদসকলে সদনত উত্থাপন কৰা যিকোনো বিষয় আলোচনা কৰিবলৈ চৰকাৰ সম্পূৰ্ণ সাজু বুলি অমিত শ্বাহৰ প্ৰকাশ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ছাত্র-ছাত্রীৰ প্রতিবাদকে ধৰি সাংসদসকলে সদনত উত্থাপন কৰা যিকোনো বিষয় আলোচনা কৰিবলৈ চৰকাৰ সম্পূৰ্ণ সাজু বুলি মন্তব্য কৰিছে। সংসদ ভৱনৰ চৌহদত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰী শ্বাহে কয়, যে চৰকাৰৰ কোনো কথা লুকুৱাবলগীয়া নাই আৰু আলোচনাৰ বাবে সম্পূর্ণ সাজু। শ্রী শ্বাহে কয়, যে আলোচনা আৰম্ভ হ'লে তেওঁ সদনত উপস্থিত থাকি মন্ত্ৰীগৰাকীৰ সদস্যৰ বক্তব্য শুনিব। আলোচনাৰ অন্তত কাইলৈ বিয়লি ৩ বজাত তেওঁ উত্তৰ দিব বুলি গৃহমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। শ্ৰী শ্বাহে কয়, যে নীটৰ বিষ...

July 7, 2026 12:47 PM

views 22

সমবায় খণ্ডৰ সৈতে জড়িত প্রায় ৩০ কোটি লোকৰ জীৱনত সহযোগিতা মন্ত্রালয়ে নতুন শক্তিৰ সঞ্চাৰ কৰিছে- অমিত শ্বাহ

কেন্দ্রীয় সমবায় মন্ত্রী অমিত শ্বাহে কয় যে বিগত পাঁচ বছৰত সমবায় খণ্ডৰ সৈতে জড়িত প্রায় ৩০ কোটি লোকৰ জীৱনত সহযোগিতা মন্ত্রালয়ে নতুন শক্তিৰ সঞ্চাৰ কৰিছে। নতুন দিল্লীত সহযোগিতা মন্ত্ৰালয়ৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত ভাষণ দি শ্রী শ্বাহে কয় যে ২০২১ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰা এই মন্ত্রালয়ে সমবায় ব্যৱস্থাক আধুনিক, স্বচ্ছ, প্রযুক্তি-চালিত আৰু প্ৰতিযোগিতামূলক তন্ত্ৰলৈ ৰূপান্তৰিত কৰিছে। তেওঁ কয় যে মন্ত্রালয়ে সমবায় খণ্ডৰ সন্মুখত থকা মূল প্রত্যাহ্বানসমূহ চিনাক্ত কৰিছে আৰু এই...

July 6, 2026 12:20 PM

views 33

নতুন দিল্লীত আজি সমবায় মন্ত্ৰালয়ৰ পঞ্চম প্রতিষ্ঠা দিৱসত অমিত শ্বাহৰ অংশগ্ৰহণ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত সমবায় মন্ত্ৰালয়ৰ পঞ্চম প্রতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিব। সহযোগিতাৰে সমৃদ্ধি দৃষ্টিভংগীৰে প্ৰতিষ্ঠা দিৱস সমাৰোহ উদযাপিত হ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এই উপলক্ষে শ্ৰীশ্বাহে বিভিন্ন পদক্ষেপ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত ২৩১টা শস্য মজুত ভঁৰাল, সহকাৰ ভেনৰ ভূমি পূজন, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ কলাকৰ্ষণ চৌহদৰ ভূমি পূজন, ৰাষ্ট্রীয় সমবায় তথ্য আধাৰ- এন চি ডি-৩.০ৰ উদ্বোধন, ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব'ৰ্ডৰ দুগ্ধ যোগান পর্য...

June 29, 2026 8:41 PM

views 28

অমিত শ্বাহৰ উপস্থিতিত হাৰিয়ানা আৰু ৰাজস্থান চৰকাৰৰ এখন চুক্তিত স্বাক্ষৰ

হাৰিয়ানা আৰু ৰাজস্থান চৰকাৰে আজি নতুন দিল্লীত গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত যমুনা জলপ্রকল্প নিৰ্মাণ আৰু ৰূপায়ণ বিষয়ত এখন চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিয়ে পানী সম্পৰ্কীয় প্ৰায় ৩ দশক পুৰণি সমস্যাটোৰ সমাধান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত উল্লেখ কৰে। এই চুক্তিৰ জৰিয়তে অহা জুলাই মাহৰ পৰা অক্টোবৰলৈ মাটিৰ তলৰ পাইপলাইনৰ যোগেদি যমুনা নৈৰ পৰা ৰাজস্থানলৈ প্ৰায় ৫৮০ মিলিয়ন ঘনমিটাৰ পানীৰ যোগান ধৰা হ'ব। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে এই চুক্তিত অর্থনৈতিক দায়বদ্ধতা, ব্যয়ৰ ভাগবতৰা, পানী ...

June 13, 2026 8:12 PM

views 36

প্রধানমন্ত্ৰীয়ে বিগত ১২ বছৰত দেশজুৰি ষ্টাৰ্ট আপ, উদ্ভাৱন, কৌশল আৰু শিক্ষাৰ এটা নতুন সংস্কৃতি গঢ়ি তুলিছে বুলি অমিত শ্বাহৰ প্ৰকাশ

গৃহমন্ত্রী অমিত শ্বাহে আজি কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১২ বছৰত দেশজুৰি ষ্টাৰ্ট আপ, উদ্ভাৱন, কৌশল আৰু শিক্ষাৰ এটা নতুন সংস্কৃতি গঢ়ি তুলিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে প্রধানমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা বিভিন্ন নীতিৰ জৰিয়তে দেশ বিশ্বৰ দ্বিতীয় বৃহৎ শৈক্ষিক নেটৱৰ্ক হিচাপে পৰিগণিত হৈছে। তেওঁ লগতে কয যে দেশে ইতিমধ্যে দ্বিতীয় বৃহৎ কৃত্রিম বুদ্ধিমত্তাৰ প্ৰতিভাৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ লগতে ২ লাখতকৈ অধিক ষ্টাৰ্ট আপৰ জৰিয়তে বিশ্বৰ তৃতীয় বৃহৎ ষ্টার্...

June 9, 2026 12:34 PM

views 35

নতুন দিল্লীত আজি অমিত শ্বাহৰ স্থল বন্দৰ ব্যৱস্থাপনা প্ৰণালী মুকলি

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত স্থল বন্দৰ ব্যৱস্থাপনা প্ৰণালী LPMS মুকলি কৰিব। প্ৰযুক্তিৰ ব্যৱহাৰেৰে সীমান্ত বাণিজ্য আৰু যাত্ৰী চলাচলৰ প্ৰক্ৰিয়া অধিক খৰতকীয়া, স্বচ্ছ আৰু সুৰক্ষিত কৰাৰ লক্ষ্যৰে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে৷ গৃহ মন্ত্ৰালয়ে প্রকাশ কৰা মতে, এলপিএমএছ হৈছে এখন ডিজিটেল মঞ্চ যাৰ জৰিয়তে দেশৰ আটাইকেইটা স্থল বন্দৰৰ কাৰ্যকলাপক এটা সংহত প্ৰণালীৰ অধীনলৈ অনা হ'ব। ইয়াৰ ফলত বিমান আৰু সাগৰীয় বন্দৰসমূহৰ দৰেই স্থল বন্দৰসমূহতো সুৰক্ষিত আৰু তাৎক্ষণিকভাৱে তথ্যৰ আদান-প্ৰদান ক...

June 5, 2026 11:56 AM

views 41

মোদী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিলে বুলি অমিত শ্বাহৰ মন্তব্য

নৰেন্দ্ৰ মোদী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিলে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য । নৰেন্দ্ৰ মোদী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত হিংসাত্মক যুগৰ অন্ত পেলাই এই খণ্ডক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিলে বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্ৰকাশ কৰিছে। শ্বিলঙত অনুষ্ঠিত উত্তৰ-পূব পৰিষদৰ ৭৩ সংখ্যক পূর্ণাংগ অধিবেশনত অধ্যক্ষতা কৰাৰ পাছত কালি সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে উত্তৰ- পূব পৰিষদে এই খণ্ডৰ উন্নয়নৰ বাবে ক...

January 24, 2026 11:57 AM

views 66

লক্ষ্ণৌত উত্তৰ প্ৰদেশ দিৱস উদযাপন কার্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ অমিত শ্বাহৰ

কেন্দ্রীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি লক্ষ্ণৌত উত্তৰ প্ৰদেশ দিৱস উদযাপন কার্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰ প্ৰেৰণা স্থলত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে শ্রীশ্বাহে এখন জিলা এটা বন্ধনশৈলী আঁচনি মুকলি কৰিব। এই উদ্যমৰ অধীনত উত্তৰ প্ৰদেশৰ প্রত্যেক জিলাৰ এটা সুকীয়া বন্ধনশৈলী চিনাক্ত কৰা হ'ব আৰু ইয়াক উন্নগত গুণগত মান, ব্রেন্ডিং আৰু বজাৰ প্ৰৱেশাধিকাৰৰ সৈতে সংযুক্ত কৰা হ'ব, যাতে থলুৱা ৰন্ধনশৈলীসমূহে ৰাষ্ট্ৰীয় আৰু গোলকীয় স্বীকৃতি লাভ কৰিব পাৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰা...

January 22, 2026 8:33 PM

views 69

ডোডা জিলাত সংঘটিত পথ দুর্ঘটনাত প্রাণ হেৰুওৱা ১০ জন ভাৰতীয় সেনাৰ প্ৰতি অমিত শ্বাহৰ শোক প্ৰকাশ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে জম্মু-কাশ্মীৰৰ ডোডা জিলাত সংঘটিত শোকাবহ পথ দুর্ঘটনাত প্রাণ হেৰুওৱা ১০ জন ভাৰতীয় সেনাৰ প্ৰতি শোক প্রকাশ কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বার্তাত শ্রী শ্বাহে দুর্ঘটনাত প্রাণ হেৰুওৱা সেনাৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। আহত সেনাসকলৰ উন্নতমানৰ চিকিৎসাৰ বাবে যথোচিত ব্যৱস্থা গ্রহণ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে। ইপিনে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও দুর্ঘটনাটোত প্রাণ হেৰুওৱা সেনাসকলৰৰ প্ৰতি শোক প্রকাশ কৰিছে। সামাজিক মাধ্যমযোগে প্ৰেৰণ কৰা এটা ব...