হাৰিয়ানা আৰু ৰাজস্থান চৰকাৰে আজি নতুন দিল্লীত গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত যমুনা জলপ্রকল্প নিৰ্মাণ আৰু ৰূপায়ণ বিষয়ত এখন চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিয়ে পানী সম্পৰ্কীয় প্ৰায় ৩ দশক পুৰণি সমস্যাটোৰ সমাধান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত উল্লেখ কৰে। এই চুক্তিৰ জৰিয়তে অহা জুলাই মাহৰ পৰা অক্টোবৰলৈ মাটিৰ তলৰ পাইপলাইনৰ যোগেদি যমুনা নৈৰ পৰা ৰাজস্থানলৈ প্ৰায় ৫৮০ মিলিয়ন ঘনমিটাৰ পানীৰ যোগান ধৰা হ’ব। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে এই চুক্তিত অর্থনৈতিক দায়বদ্ধতা, ব্যয়ৰ ভাগবতৰা, পানী আৱণ্টন, জল সংৰক্ষণ ব্যৱস্থা ইত্যাদি বিষয়ত আলোচনা কৰা হয়।
Assamese | June 29, 2026 8:41 PM | Amit sah
অমিত শ্বাহৰ উপস্থিতিত হাৰিয়ানা আৰু ৰাজস্থান চৰকাৰৰ এখন চুক্তিত স্বাক্ষৰ