কেন্দ্রীয় সমবায় মন্ত্রী অমিত শ্বাহে কয় যে বিগত পাঁচ বছৰত সমবায় খণ্ডৰ সৈতে জড়িত প্রায় ৩০ কোটি লোকৰ জীৱনত সহযোগিতা মন্ত্রালয়ে নতুন শক্তিৰ সঞ্চাৰ কৰিছে। নতুন দিল্লীত সহযোগিতা মন্ত্ৰালয়ৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত ভাষণ দি শ্রী শ্বাহে কয় যে ২০২১ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰা এই মন্ত্রালয়ে সমবায় ব্যৱস্থাক আধুনিক, স্বচ্ছ, প্রযুক্তি-চালিত আৰু প্ৰতিযোগিতামূলক তন্ত্ৰলৈ ৰূপান্তৰিত কৰিছে। তেওঁ কয় যে মন্ত্রালয়ে সমবায় খণ্ডৰ সন্মুখত থকা মূল প্রত্যাহ্বানসমূহ চিনাক্ত কৰিছে আৰু এইসমূহৰ সমাধানৰ বাবে এক বিস্তৃত ৰোডমেপ প্রস্তুত কৰিছে। তেওঁ লগতে কয় যে ২০৪৭ চনত যেতিয়া দেশে স্বাধীনতাৰ শতবার্ষিকী উদযাপন কৰিব তেতিয়া সমবায় আন্দোলনে এখন সমৃদ্ধিশালী ভাৰতৰ শক্তিশালী ভেটি হিচাপে কাম কৰিব। ২০২১ চনৰ ৬ জুলাইত মন্ত্ৰালয় গঠনৰ কথা সোঁৱৰাই শ্ৰী অমিত শ্বাহে কয় যে এই সিদ্ধান্তই সমবায় খণ্ডৰ সৈতে জড়িত লাখ লাখ লোকৰ বাবে ৭৫ বছৰীয়া অপেক্ষাৰ অন্ত পেলাইছে। তেঁও লগতে কয় যে মন্ত্রালয়ে সমবায় খণ্ডই দশক দশক ধৰি সন্মুখীন হোৱা অৱহেলাৰ অন্ত পেলাইছে। মন্ত্ৰালয়ৰ কৃতিত্বসমূহৰ ওপৰত আলোকপাত কৰি শ্ৰী শ্বাহে কয় যে ৩০টা খণ্ডৰ ৮লাখ ৫৮ হাজাৰৰো অধিক সমবায় সমিতি আৰু ৩২ কোটি সদস্যক সামৰি এক সংহত ডিজিটেল ডাটাবেছ সৃষ্টি কৰা হৈছে। প্ৰতিটো খণ্ডৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী সমবায় সমিতিসমূহক স্বীকৃতি আৰু উৎসাহিত কৰা হ’ব বুলি ঘোষণা কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে প্রাথমিক কৃষি ঋণ সমিতিৰ সম্প্ৰসাৰণ কৰি সাধাৰণ সেৱা কেন্দ্ৰৰ জৰিয়তে ৩০০ৰো অধিক সেৱা আগবঢ়াব পাৰিব।
Assamese | July 7, 2026 12:47 PM | Amit sah
সমবায় খণ্ডৰ সৈতে জড়িত প্রায় ৩০ কোটি লোকৰ জীৱনত সহযোগিতা মন্ত্রালয়ে নতুন শক্তিৰ সঞ্চাৰ কৰিছে- অমিত শ্বাহ