কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত স্থল বন্দৰ ব্যৱস্থাপনা প্ৰণালী LPMS মুকলি কৰিব। প্ৰযুক্তিৰ ব্যৱহাৰেৰে সীমান্ত বাণিজ্য আৰু যাত্ৰী চলাচলৰ প্ৰক্ৰিয়া অধিক খৰতকীয়া, স্বচ্ছ আৰু সুৰক্ষিত কৰাৰ লক্ষ্যৰে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে৷ গৃহ মন্ত্ৰালয়ে প্রকাশ কৰা মতে, এলপিএমএছ হৈছে এখন ডিজিটেল মঞ্চ যাৰ জৰিয়তে দেশৰ আটাইকেইটা স্থল বন্দৰৰ কাৰ্যকলাপক এটা সংহত প্ৰণালীৰ অধীনলৈ অনা হ’ব। ইয়াৰ ফলত বিমান আৰু সাগৰীয় বন্দৰসমূহৰ দৰেই স্থল বন্দৰসমূহতো সুৰক্ষিত আৰু তাৎক্ষণিকভাৱে তথ্যৰ আদান-প্ৰদান কৰাটো সম্ভৱ হৈ উঠিব।
এই ব্যৱস্থাই মালবাহী বাহন আৰু যাত্ৰীসকলৰ পঞ্জীয়ন, মাচুল সংগ্রহ, গতিবিধি নিৰীক্ষণৰ দৰে প্ৰক্ৰিয়াসমূহ সম্পূৰ্ণ ডিজিটেল কৰি তুলিব, যাৰ ফলত চৰকাৰী সংস্থা আৰু ব্যক্তিগত পৰিচালনাকাৰীসকলৰ মাজত সমন্বয় বৃদ্ধি পাব।
এই উপলক্ষে কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে মেঘালয়ৰ ডাউকী আৰু ত্ৰিপুৰাৰ শ্ৰীমন্তপুৰ স্থল বন্দৰত নতুনকৈ নিৰ্মাণ কৰা অংশীদাৰসকলৰ বাবে আৱাসিক সুবিধাৰো উদ্বোধন কৰিব। এই আন্তঃগাঁথনিমূলক উন্নয়নে সীমান্ত ব্যৱস্থাপনা আৰু কৰ্মচাৰীসকলক বিশেষভাৱে সহায় কৰিব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।