কেন্দ্রীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি লক্ষ্ণৌত উত্তৰ প্ৰদেশ দিৱস উদযাপন কার্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰ প্ৰেৰণা স্থলত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে শ্রীশ্বাহে এখন জিলা এটা বন্ধনশৈলী আঁচনি মুকলি কৰিব। এই উদ্যমৰ অধীনত উত্তৰ প্ৰদেশৰ প্রত্যেক জিলাৰ এটা সুকীয়া বন্ধনশৈলী চিনাক্ত কৰা হ’ব আৰু ইয়াক উন্নগত গুণগত মান, ব্রেন্ডিং আৰু বজাৰ প্ৰৱেশাধিকাৰৰ সৈতে সংযুক্ত কৰা হ’ব, যাতে থলুৱা ৰন্ধনশৈলীসমূহে ৰাষ্ট্ৰীয় আৰু গোলকীয় স্বীকৃতি লাভ কৰিব পাৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চৰ্দাৰ পেটেল ঔদ্যোগিক অঞ্চল কাৰ্যসূচীও মুকলি কৰিব। শ্রীশ্বাহে উত্তৰ প্ৰদেশ চৰকাৰৰ মুখ্যমন্ত্ৰী যুৱ উদ্যমী বিকাশ যোজনাৰ অধীনত উৎকৃষ্ট প্রদর্শন দেখুওৱা জিলাসমূহক বঁটা প্ৰদান কৰিব। এই উপলক্ষে তেওঁ ২০২৫-২৬ বৰ্ষৰ বাবে উত্তৰ প্রদেশ গৌৰৱ সন্মানো প্রদান কৰিব।
Assamese | January 24, 2026 11:57 AM | Amit sah
লক্ষ্ণৌত উত্তৰ প্ৰদেশ দিৱস উদযাপন কার্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ অমিত শ্বাহৰ