January 12, 2026 12:06 PM

views 51

তিৰুৱনন্তমপুৰমত বিজেপিৰ ৰাজ্যিক ক’ৰ কমিটী বৈঠকত অমিত শ্বাহৰ অংশগ্রহণ

গৃহমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে তিৰুবনন্তমপুৰমত নতুন ভাৰত, নতুন কেৰালা শীর্ষক সম্মিলন উদ্বোধন কৰে। শ্রীশ্বাহে আয়ুর্বেদ, তথ্য-প্রযুক্তি, পৰ্যটন আৰু ক্রীড়াৰ দৰে খণ্ডত কেৰালাৰ প্ৰগতিৰ প্ৰশংসা কৰে। নৰেন্দ্ৰ মোদী চৰকাৰে দেশখনক আত্মবিশ্বাসী, উচ্চাকাংক্ষী আৰু আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব বিচাৰিছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে প্ৰত্যেকখন ৰাজ্যই নিজৰ সম্ভাৱনা উপলব্ধি কৰি এই লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰা উচিত বুলি মত প্রকাশ কৰে। তিৰুবনন্তপুৰমত এল ডি এফ আৰু ইউ ডি এফ চৰকাৰে ৰাজনৈতিক স্থবিৰতাৰ স...

January 10, 2026 7:44 PM

views 54

আইন শৃংখলা পৰিস্থিতিয়ে যিকোনো ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্রহণ কৰে বুলি অমিত শ্বাহৰ প্ৰকাশ

আইন শৃংখলা পৰিস্থিতিয়ে যিকোনো ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্রহণ কৰে। ৰাজ্যসমূহৰ উন্নত আইন-শৃংখলা পৰিবেশে বিনিয়োগকাৰীসকলক বিনিয়োগ কৰিবলৈ আকর্ষণ কৰে। কেন্দ্রীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে ৰাজস্থানৰ জয়পুৰত আজি সন্ধিয়া অনুষ্ঠিত নিয়োগপত্ৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে প্ৰকাশ কৰে। শ্রীশ্বাহে কয় যে বিভিন্ন প্রত্যাহ্বান সত্বেও ৰাজস্থান চৰকাৰে আইন শৃংখলা পৰিস্থিতি উন্নত কৰাৰ বাবে বিশেষ মনোযোগ দিছিল আৰু ইয়াৰ ফলস্বৰূপে ৰাজ্যখন বৰ্তমান বিনিয়োগকাৰীৰ আকৰ্ষণৰ লক্ষ্য হৈ পৰিছে। তেওঁ কয় যে ৰাজ...

January 6, 2026 12:06 PM

views 72

নতুন দিল্লীত আজি পুষ্টি, সুৰক্ষা আৰু অপুষ্টি দূৰীকৰণত কর্পোৰেট সামাজিক দায়বদ্ধতাৰ ভূমিকা শীর্ষক সম্মিলন মুকলি অমিত শ্বাহৰ

কেন্দ্রীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে নতুন দিল্লীৰ বিজ্ঞান ভৱনত আজি পুষ্টি, সুৰক্ষা আৰু অপুষ্টি দূৰীকৰণত কর্পোৰেট সামাজিক দায়বদ্ধতাৰ ভূমিকা শীর্ষক সম্মিলন মুকলি কৰিব। শিশুৰ পুষ্টিহীনতা দূৰ কৰিবলৈ সহযোগিতামূলক, উদ্ভাৱনীমূলক আৰু বহনক্ষম কৌশলৰ বিষয়ে আলোচনা কৰাই হৈছে এই সন্মিলনৰ মূল উদ্দেশ্যে। ৰাষ্ট্রীয় দুগ্ধ উন্নয়ন পৰিষদৰ উদ্যোগত এই সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনৰ সময়তে শ্রীশ্বাহে দুগ্ধ উপহাৰ কাৰ্যসূচীৰ তৃতীয় সংস্কৰণ মুকলি কৰিব। এই পদক্ষেপৰ অধীনত ছত্তিশগড়ৰ ভিলাই স্টীল প্লাণ্টৰ খনন অঞ্চলত...

December 29, 2025 7:36 PM

views 61

কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ আজি বটদ্ৰৱাত সাংস্কৃতিক প্রকল্প উদ্বোধন আৰু গুৱাহাটীত আৰক্ষী আয়ুক্তালয় ও জ্যোতি-বিষ্ণু প্রেক্ষাগৃহ মুকলি

দিনজোৰা ভ্ৰমণসূচীৰে আজি অসমলৈ অহা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি বটদ্রবা সাংস্কৃতিক প্রকল্প উদ্বোধন কৰে। গৃহমন্ত্ৰীগৰাকীক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পবিত্ৰ গুৰু আসনৰ প্ৰতিকৃতি, মুখা শিল্পৰ চানেকি, চেলেং আৰু পাটৰ গামোচাৰে আদৰণি জনায়। শ্রীশ্বাহে অনুষ্ঠানত দিয়া ভাষণত এই প্রকল্প উদ্বোধন কৰিবলৈ আমন্ত্রণ জনোৱাৰ বাবে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। শ্রীমন্ত শংকৰদেৱৰ দৰে মহান ব্যক্তিত্ব ভাৰতত জন্মগ্রহণ কৰাটো সৌভাগ্যৰ কথা বুলিও তেওঁ প্রকাশ কৰে। ৰাজ্য চৰকাৰে ১ লাখতকৈ অধিক দখলকাৰী লোকক উচ্ছ...

December 9, 2025 8:09 PM

views 47

বন্দে মাতম গীতে দেশৰ স্বাধীনতা আন্দোলনৰ পথ প্ৰশস্ত কৰিছিলঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

দেশপ্রেম, ত্যাগ আৰু ৰাষ্ট্ৰীয় চেতনাৰ প্ৰতীক হৈ পৰা ৰাষ্ট্ৰীয় গীত বন্দে মাতমে দেশৰ স্বাধীনতা আন্দোলনৰ পথ প্ৰশস্ত কৰিছিল বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। ৰাজ্যসভাত আজি বন্দে মাতৰম গীতৰ ডেৰশ বছৰীয়া বাৰ্ষিকী সন্দৰ্ভত আলোচনাৰ পাতনি মেলি শ্ৰীশ্বাহে কয়, যে এই অমৰ সৃষ্টিৰাজিয়ে দেশমাতৃৰ প্ৰতি কৰ্তব্য আৰু উৎসৰ্গাৰ মনোভাৱ যোগাই তোলে। বন্দে মাতৰমৰ আৱশ্যকতা স্বাধীনতা সংগ্ৰামৰ সময়তো আছিল আৰু আজিও আছে আৰু ২০৪৭ চনত ভাৰতবৰ্ষ বিকশিত ৰাষ্ট্ৰৰূপে পৰিগণিত হোৱাৰ সময়তো ইয়াৰ প্ৰাসংগিকতা অক্...

December 6, 2025 11:34 AM

views 81

অমিত শ্বাহৰ সভাপতিত্ব গুজৰাটৰ বানাছ ডেইৰিত সমবায় মন্ত্ৰ্যালয়ৰ সংসদীয় পৰামৰ্শদাতা সমিতিৰ তৃতীয় বৈঠক

কেন্দ্রীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি গুজৰাটৰ বানাছ ডেইৰিত সমবায় মন্ত্ৰ্যালয়ৰ সংসদীয় পৰামৰ্শদাতা সমিতিৰ তৃতীয় বৈঠকত সভাপতিত্ব কৰিব। তিনিদিনীয়া ভ্রমণসূচীৰে গুজৰাটত উপস্থিত হোৱা কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে সানাদাৰত বানাছ দুগ্ধ উদ্যোগৰ জৈৱ চি এন জি আৰু সাৰ প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে সানাদাৰত অত্যাধুনিক ১৫০ টি পি ডি পাউদাৰ গাখীৰ আৰু শিশু খাদ্য প্ৰকল্পৰ আধাৰশিলা স্থাপনত অংশগ্ৰহণ কৰিব। কেন্দ্রীয় মন্ত্রী শ্রীশ্বাহে এখন ৰাজহুৱা সভাতো ভাষণ দিব। আকাশবাণীৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি কেন্দ্রীয় মন্ত...

November 17, 2025 5:16 PM

views 65

গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত উত্তৰ মাণ্ডলিক পৰিষদৰ বৈঠক অনুষ্ঠিত

হাৰিয়ানাৰ ফৰিদাবাদত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত উত্তৰ মাণ্ডলিক পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে হাৰিয়ানা, হিমাচল প্ৰদেশ, পাঞ্জাব, ৰাজস্থান, দিল্লী, জম্মু আৰু কাশ্মীৰ, লাডাখ আৰু চণ্ডীগড়ক লৈ উত্তৰ মাণ্ডলিক পৰিষদ গঠিত। ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱত মন, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়ব সিং সৈনী, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখু, জম্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিন্হা, দিল্লীৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ চাক্সেনা, জম্মু-ক...

October 17, 2025 8:26 PM

views 54

বিহাৰৰ চাৰণত দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ পাতনি অমিত শ্বাহৰ

বিজেপিৰ জ্যেষ্ঠ নেতা কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে আজি বিহাৰৰ চাৰণত দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ পাতনি মেলে। তেওঁ চাৰণত তৰাইয়াৰ বিধায়ক জনক সিং আৰু অমন'ৰ প্ৰাৰ্থী কৃষ্ণ কুমাৰ মন্টুৰ হৈ প্ৰচাৰ চলায়। চাৰাণত তৰাইয়াত এখন নির্বাচনী সভাত ভাষণ দি শ্রীশ্বাহে বিগত দুটা দশক ধৰি ৰাজ্যখনৰ আইন-শৃংখলা বৰ্তাই ৰখাৰ বাবে মুখ্যমন্ত্রী নীতিশ কুমাৰৰ ভূয়সী প্রশংসা কৰে। তেওঁ কয় যে এন ডি এ মিত্রজোট নীতিশ কুমাৰৰ নেতৃত্বত নির্বাচনী খুঁজত অৱতীৰ্ণ হৈছে। বিগত ১১ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৱদানৰ বিষয়ে আলোকপাত কৰ...

October 13, 2025 12:51 PM

views 59

এদিনীয়া ভ্রমণসূচীৰে অমিত শ্বাহ আজি ৰাজস্থানৰ জয়পুৰত উপস্থিত

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি এদিনীয়া ভ্রমণসূচীৰে ৰাজস্থানৰ জয়পুৰত উপস্থিত। এই ভ্রমণকালত তেওঁ নতুন ফৌজদাৰী আইন-ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ৰূপায়ণৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজন কৰা ৰাজ্যিক পৰ্যায়ৰ প্ৰদৰ্শনী মুকলি কৰে। ছদিনীয়াকৈ আয়োজন কৰা এই প্রদর্শনীত নতুন আইনৰ মুখ্য বিধানসমূহৰ আলোকপাত কৰাৰ লগতে ৰাজস্থানত এই আইনসমূহ ৰূপায়ণৰ পাছত লাভ কৰা অগ্রগতিসমূহ দেখুওৱা হ'ব। ইয়াৰ পাছত শ্রীশ্বাহে এখন জনসভাত ভাষণ দিব। এই অনুষ্ঠানতে তেওঁ ৰাইজিং ৰাজস্থান গ...

September 22, 2025 7:21 PM

views 82

প্রধানমন্ত্ৰী মোদীৰ জি এছ টি সংস্কাৰৰ পদক্ষেপক প্ৰশংসা গৃহমন্ত্রী অমিত শ্বাহৰ

দেশৰ দৰিদ্ৰ, যুৱ প্ৰজন্ম, কৃষক আৰু মহিলাসকলৰ উন্নয়নৰ ক্ষেত্ৰত পৰৱৰ্তী প্ৰজন্মৰ সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ‍ জি এছ টিৰ সংস্কাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। সামাজিক মাধ্যমৰ এলানি বাৰ্তাত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জি এছ টি সংস্কাৰৰ পদক্ষেপক প্ৰশংসা কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে নতুন সংস্কাৰে ভালেসংখ্যক সামগ্ৰীৰ ক্ষেত্ৰত জি এছ টিৰ হাৰ হ্ৰাস কৰি সামগ্ৰিকভাৱে জনসাধাৰণৰ ব্যয় হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। ইয়াৰ ফলত দেশৰ অৰ্থনীতিৰ বিকাশ দ্রুত হ...