কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি এদিনীয়া ভ্রমণসূচীৰে ৰাজস্থানৰ জয়পুৰত উপস্থিত। এই ভ্রমণকালত তেওঁ নতুন ফৌজদাৰী আইন-ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ৰূপায়ণৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজন কৰা ৰাজ্যিক পৰ্যায়ৰ প্ৰদৰ্শনী মুকলি কৰে। ছদিনীয়াকৈ আয়োজন কৰা এই প্রদর্শনীত নতুন আইনৰ মুখ্য বিধানসমূহৰ আলোকপাত কৰাৰ লগতে ৰাজস্থানত এই আইনসমূহ ৰূপায়ণৰ পাছত লাভ কৰা অগ্রগতিসমূহ দেখুওৱা হ’ব। ইয়াৰ পাছত শ্রীশ্বাহে এখন জনসভাত ভাষণ দিব। এই অনুষ্ঠানতে তেওঁ ৰাইজিং ৰাজস্থান গোলকীয় বিনিয়োগ সম্মিলন ২০২৪ৰ অধীনত ৪ লাখ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ’বলগীয়া প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে ৯ হাজাৰ ৩০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।
Assamese | October 13, 2025 12:51 PM | Amit sah
এদিনীয়া ভ্রমণসূচীৰে অমিত শ্বাহ আজি ৰাজস্থানৰ জয়পুৰত উপস্থিত