January 12, 2026 12:06 PM | Amit sah

printer

তিৰুৱনন্তমপুৰমত বিজেপিৰ ৰাজ্যিক ক’ৰ কমিটী বৈঠকত অমিত শ্বাহৰ অংশগ্রহণ

গৃহমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে তিৰুবনন্তমপুৰমত নতুন ভাৰত, নতুন কেৰালা শীর্ষক সম্মিলন উদ্বোধন কৰে। শ্রীশ্বাহে আয়ুর্বেদ, তথ্য-প্রযুক্তি, পৰ্যটন আৰু ক্রীড়াৰ দৰে খণ্ডত কেৰালাৰ প্ৰগতিৰ প্ৰশংসা কৰে। নৰেন্দ্ৰ মোদী চৰকাৰে দেশখনক আত্মবিশ্বাসী, উচ্চাকাংক্ষী আৰু আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব বিচাৰিছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে প্ৰত্যেকখন ৰাজ্যই নিজৰ সম্ভাৱনা উপলব্ধি কৰি এই লক্ষ্যত উপনীত হ‘বলৈ চেষ্টা কৰা উচিত বুলি মত প্রকাশ কৰে। তিৰুবনন্তপুৰমত এল ডি এফ আৰু ইউ ডি এফ চৰকাৰে ৰাজনৈতিক স্থবিৰতাৰ সৃষ্টি কৰা বুলি উল্লেখ কৰি তেওঁ কয়, যে কেৰালাই বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ জৰিয়তে প্ৰগতিৰ দিশে ধাবিত হ‘ব পাৰে। গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ স্থানীয় নিকায়সমূহত নব-নির্বাচিত বিজেপিৰ প্ৰতিনিধিসকলৰ সৈতেও মত বিনিময় কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।