কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে জম্মু-কাশ্মীৰৰ ডোডা জিলাত সংঘটিত শোকাবহ পথ দুর্ঘটনাত প্রাণ হেৰুওৱা ১০ জন ভাৰতীয় সেনাৰ প্ৰতি শোক প্রকাশ কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বার্তাত শ্রী শ্বাহে দুর্ঘটনাত প্রাণ হেৰুওৱা সেনাৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। আহত সেনাসকলৰ উন্নতমানৰ চিকিৎসাৰ বাবে যথোচিত ব্যৱস্থা গ্রহণ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে। ইপিনে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও দুর্ঘটনাটোত প্রাণ হেৰুওৱা সেনাসকলৰৰ প্ৰতি শোক প্রকাশ কৰিছে। সামাজিক মাধ্যমযোগে প্ৰেৰণ কৰা এটা বার্তাত শ্রী সিঙে কয়, যে আহত জোৱানসকলক চিকিৎসা প্রদান কৰি থকা হৈছে আৰু সম্ভৱপৰ উন্নতমানৰ চিকিৎসাৰ নিশ্চিতি প্ৰদানৰ বাবে প্ৰয়োজনীয় সকলো নির্দেশনা জাৰি কৰা হৈছে।
Assamese | January 22, 2026 8:33 PM | Amit sah
ডোডা জিলাত সংঘটিত পথ দুর্ঘটনাত প্রাণ হেৰুওৱা ১০ জন ভাৰতীয় সেনাৰ প্ৰতি অমিত শ্বাহৰ শোক প্ৰকাশ