June 13, 2026 8:12 PM | Amit sah

printer

প্রধানমন্ত্ৰীয়ে বিগত ১২ বছৰত দেশজুৰি ষ্টাৰ্ট আপ, উদ্ভাৱন, কৌশল আৰু শিক্ষাৰ এটা নতুন সংস্কৃতি গঢ়ি তুলিছে বুলি অমিত শ্বাহৰ প্ৰকাশ

গৃহমন্ত্রী অমিত শ্বাহে আজি কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১২ বছৰত দেশজুৰি ষ্টাৰ্ট আপ, উদ্ভাৱন, কৌশল আৰু শিক্ষাৰ এটা নতুন সংস্কৃতি গঢ়ি তুলিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে প্রধানমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা বিভিন্ন নীতিৰ জৰিয়তে দেশ বিশ্বৰ দ্বিতীয় বৃহৎ শৈক্ষিক নেটৱৰ্ক হিচাপে পৰিগণিত হৈছে। তেওঁ লগতে কয যে দেশে ইতিমধ্যে দ্বিতীয় বৃহৎ কৃত্রিম বুদ্ধিমত্তাৰ প্ৰতিভাৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ লগতে ২ লাখতকৈ অধিক ষ্টাৰ্ট আপৰ জৰিয়তে বিশ্বৰ তৃতীয় বৃহৎ ষ্টার্টআপ পৰিবেশ তন্ত্ৰ হিচাপে পৰিগণিত হৈছে।