কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি পঞ্জাৱৰ জলন্ধৰত নিচামুক্ত পঞ্জাৱ শীৰ্ষক সজাগতামূলক যাত্ৰাৰ শুভাৰম্ভ কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত গৃহমন্ত্ৰীগৰাকীয়ে ভাষণ দিব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে যোৱা ১৮ ছেপ্তেম্বৰত পাঠানকোটত আৰম্ভ কৰা এই যাত্ৰাই বিগত ১৩ দিনত ১১৭টা বিধানসভা সমষ্টিৰ ৪ হাজাৰ কিলোমিটাৰ দূৰত্বক সামৰি লৈছে। এই যাত্ৰাৰ জৰিয়তে জনসাধাৰণৰ মাজত মাদক দ্রব্য বিৰোধী সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। তদুপৰি এই যাত্ৰাৰ জৰিয়তে ৰাজ্যখনৰ তিনিটা মূল প্ৰত্যাহ্বান মাদক দ্ৰব্যৰ সৰবৰাহ, আইন শৃংখলাৰ অৱনতি আৰু প্ৰশাসন ব্যৱস্থাত দুৰ্নীতিৰ বিৰুদ্ধেও সজাগতা সৃষ্টিৰ পদক্ষেপ লোৱা হৈছে।
Assamese | September 30, 2026 10:07 AM | Amit sah
জলন্ধৰত আজি অমিত শ্বাহৰ নিচামুক্ত পঞ্জাৱ শীৰ্ষক সজাগতামূলক যাত্ৰাৰ শুভাৰম্ভ