November 10, 2026 12:24 PM | Amit sah

printer

গুজৰাটক ড্ৰাগছ মুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ সংকল্পৰ কথা প্রকাশ অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে কালি ২০২৮ চনৰ ডিচেম্বৰৰ ভিতৰত গুজৰাটক ড্ৰাগছ মুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে একেলগে কাম কৰিবলৈ জনসাধাৰণলৈ আহ্বান জনাই কয়, যে যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ প্ৰতি ভাবুকি সৃষ্টি কৰা মাদকদ্ৰব্যৰ ভয়াবহতা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ চৰকাৰে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে। আহমেদাবাদত এটা সমাৱেশত ভাষণ দি শ্ৰী শ্বাহে ঘোষণা কৰে যে, পহিলা ডিচেম্বৰৰ পৰা ১০৩৩ নম্বৰত এটা শুল্ক বিহীন হেল্পলাইন আৰু নিয়ন্ত্রণ কক্ষ কাৰ্যকৰী হ’ব। তেওঁ নাগৰিক, অভিভাৱক আৰু শিক্ষকসকলক পহিলা ডিচেম্বৰৰ পাছত তেওঁলোকৰ আশে-পাশে মাদকদ্রব্য বিক্রী বা সেৱনৰ যিকোনো ঘটনাৰ বিষয়ে ১০৩৩ নম্বৰত ফোন কৰি অৱগত কৰিবলৈ আহ্বান জনায়।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কালি গুজৰাটত এহেজাৰ ৪০০ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হবলগীয়া বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত মন্ত্ৰীগৰাকীয়ে নিজা সমষ্টি গান্ধীনগৰত এহেজাৰ কোটিতকৈ অধিক টকা ব্যয় সাপেক্ষে নির্মাণ হবলগীয়া প্ৰায় ৩০ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে গুজৰাটত পাৰ কৰা পুৰণি সময়ৰ কথা স্মৰণ কৰে। মন্ত্ৰীগৰাকীয়ে ৰামপুৰৰ পাহাৰীয়া অঞ্চলৰ পৰা সমাজ সেৱক হিচাপে জীৱন আৰম্ভ কৰাৰ কথা বহু কম সংখ্যক লোকেহে জানে বুলিও তেওঁ প্ৰকাশ কৰে ।

শ্ৰীশ্বাহে কয় যে, কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গুজৰাটত মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ নেতৃত্বত গুজৰাটত বহুতো উন্নয়নমূলক কাম চলি আছে। গান্ধীনগৰ লোকসভা সমষ্টিক সেউজ আৰু উন্নত কৰাৰ সপোনৰ কথা প্ৰকাশ কৰি শ্ৰীশ্বাহে কয় যে বিগত ৭ বছৰত এই সমষ্টিটোত প্ৰায় ২৫ হাজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈছে। মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, নগৰ উন্নয়ন বিভাগৰ ৰাজ্য মন্ত্ৰী দৰ্শনা ৱাগেলা, মেয়ৰ হিতেশ বাৰোট, সাংসদদ্বয় হছমুখ পেটেল আৰু দিনেশ মাখৱানাৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি জগদীশ বিশ্বকর্মা এই অনুষ্ঠানত উপস্থিত আছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।