August 12, 2026 8:15 PM | Amit sah

printer

সাংসদসকলে সদনত উত্থাপন কৰা যিকোনো বিষয় আলোচনা কৰিবলৈ চৰকাৰ সম্পূৰ্ণ সাজু বুলি অমিত শ্বাহৰ প্ৰকাশ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ছাত্র-ছাত্রীৰ প্রতিবাদকে ধৰি সাংসদসকলে সদনত উত্থাপন কৰা যিকোনো বিষয় আলোচনা কৰিবলৈ চৰকাৰ সম্পূৰ্ণ সাজু বুলি মন্তব্য কৰিছে। সংসদ ভৱনৰ চৌহদত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰী শ্বাহে কয়, যে চৰকাৰৰ কোনো কথা লুকুৱাবলগীয়া নাই আৰু আলোচনাৰ বাবে সম্পূর্ণ সাজু। শ্রী শ্বাহে কয়, যে আলোচনা আৰম্ভ হ’লে তেওঁ সদনত উপস্থিত থাকি মন্ত্ৰীগৰাকীৰ সদস্যৰ বক্তব্য শুনিব। আলোচনাৰ অন্তত কাইলৈ বিয়লি ৩ বজাত তেওঁ উত্তৰ দিব বুলি গৃহমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

শ্ৰী শ্বাহে কয়, যে নীটৰ বিষয়ক লৈ শিক্ষার্থীৰ প্ৰতিবাদ সম্পৰ্কীয় প্ৰতিটো বিষয় আলোচনা কৰিবলৈ চৰকাৰ প্ৰস্তুত বুলি ইতিমধ্যে সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ বিজিজুৱে প্ৰকাশ কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে বিৰোধী পক্ষই সদনৰ কাম-কাজ সুকলমে পৰিচালনা কৰিবলৈ নিদিয়া বুলি অভিযোগ তোলে। তেওঁ কয়, যে এনেধৰণৰ এটা গুৰুত্বপূৰ্ণ বিষয়ত সংসদৰ কাৰ্যপন্থা অনুসৰি আলোচনা অনুষ্ঠিত হোৱা উচিত ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।