নৰেন্দ্ৰ মোদী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিলে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য ।
নৰেন্দ্ৰ মোদী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত হিংসাত্মক যুগৰ অন্ত পেলাই এই খণ্ডক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিলে বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্ৰকাশ কৰিছে। শ্বিলঙত অনুষ্ঠিত উত্তৰ-পূব পৰিষদৰ ৭৩ সংখ্যক পূর্ণাংগ অধিবেশনত অধ্যক্ষতা কৰাৰ পাছত কালি সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে উত্তৰ- পূব পৰিষদে এই খণ্ডৰ উন্নয়নৰ বাবে কৌশলগত পৰিকল্পনা যুগুতোৱা প্ৰতিষ্ঠান হিচাপে সেৱা আগবঢ়াই আহিছে। তেওঁ লগতে এই পৰিষদে জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰাৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতিৰ প্ৰসাৰ ঘটাইছে বুলি উল্লেখ কৰে। অনুষ্ঠানত অংশ লৈ ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয়, যে এখন শক্তিশালী আৰু সমৃদ্ধিশালী উত্তৰ পূৰ্বাঞ্চল গঢ়ি তোলাৰ সংকল্প পূৰণৰ বাবে সকলো নেতা একত্ৰিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিকশিত ভাৰত গঢ়ি তোলাত অষ্টলক্ষ্মীৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে।
অধিৱেশনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু নীতি নির্মাতাসকলকে ধৰি বিশিষ্ট নেতাসকলে অংশগ্ৰহণ কৰে। সকলো নেতাই উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ, যোগাযোগ আৰু সমৃদ্ধিৰ ক্ষেত্ৰত সমূহীয়া প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে ৷