সদৌ অসম মইনা পাৰিজাতৰ ৭৬ সংখ্যক প্রতিষ্ঠা দিৱস পালন

গুৱাহাটীৰ সৰুসজাইত থকা সদৌ অসম মইনা পাৰিজাতৰ কেন্দ্ৰীয় কাৰ্যালয়ত কালি ৭৬ সংখ্যক প্রতিষ্ঠা দিৱস পালন কৰা হয়। শৈশৱ কালৰ মাদকতা উপভোগ কৰাৰ লগতে শিশুসকলৰ সুপ্ত প্রতিভা বিকশিত কৰাৰ ক্ষেত্ৰত সদৌ অসম মইনা পাৰিজাতে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। শিশুসকলৰ সৰ্বাংগীন বিকাশ সাধন কৰি তেওঁলোকক সমাজৰ সু-নাগৰিক হিচাপে গঢ় তোলাৰ লক্ষ্যৰে মইনা পাৰিজাতে সদায় নিষ্ঠাৰে কাম কৰি আহিছে। প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত বিজ্ঞান প্রযুক্তি তথা সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থকাৰ লগতে ৰাজ্যিক কার্যনির্বাহক সভাতো ভাগ লৈ বিভিন্ন সাংগঠনিক বিষয়ে সম্পর্কে আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে আমি পোহৰ বিচাৰি যাও মূলমন্ত্ৰক সাৰথি কৰি সদৌ অসম মইনা পাৰিজাতে অনাগত সময়তো নতুন চিন্তা-চৰ্চাৰে সমাজ গঠনৰ মহৎ যাত্রা অব্যাহত ৰখাৰ কামনা কৰে। সভাত সদৌ অসম মইনা পাৰিজাতৰ বিষয়-ববীয়াসকলৰ লগতে বিভিন্ন জিলাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যসকলে উপস্থিত থাকে।