July 6, 2026 1:01 PM | Bricks Meeting

printer

গুৱাহাটীত আজিৰে পৰা ব্ৰীকছ ৰাষ্ট্ৰৰ মাদক দ্রব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক

কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজি  ব্ৰীকছ ৰাষ্ট্ৰৰ মাদক দ্রব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। গৃহ মন্ত্ৰ্যালয়ৰ অধীনৰ মাদক দ্রব্য নিয়ন্ত্রণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰীকছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্রব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে মত প্ৰকাশ কৰিব। এই আলোচনাত মাদক দ্রব্য সৰবৰাহৰ বিৰুদ্ধে চোৰাংচোৱাৰ তথ্য বিনিময় আৰু কাৰ্যকৰী সমন্বয় শক্তিশালী কৰা, সামৰ্থ বৃদ্ধি আৰু প্ৰতিষ্ঠানগত সহযোগিতা বৃদ্ধি আদি বিষয়ত গুৰুত্ব দিয়া হ’ব। বৈঠকত অংশগ্ৰহণকাৰীসকলে নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ ক্ষেত্ৰত দেখা দিয়া ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰকে ধৰি ন-ন প্ৰত্যাহ্বান দূৰ কৰাৰ বিষয়েও আলোচনা কৰিব। ব্ৰীকছ ৰাষ্ট্ৰসমূহৰ মাজত মাদকদ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে উমৈহতীয়া ঘোষণা পত্ৰ গ্ৰহণেৰে এই বৈঠকৰ সামৰণি পৰিব।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সকলো প্রতিনিধিক বৈঠকলৈ আদৰণি জনাইছে। সামাজিক মাধ্যমৰ এটা বার্তাত ড০ শর্মাই কয়, যে এখন মাদক দ্রব্য মুক্ত সমাজ গঢ়াৰ দিশত ভাৰতে উল্লেখনীয় অগ্রগতি লাভ কৰিছে আৰু আজিৰ বৈঠকে এই সমস্যা সমাধানৰ ক্ষেত্ৰত ব্ৰীকছ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা সুদৃঢ় কৰিব।