July 6, 2026 12:13 PM | Borpeta

printer

বৰপেটাত কালি নিশা সংঘটিত অগ্নিকাণ্ডত ৫ খন দোকান সম্পূৰ্ণৰূপে ভষ্মীভূত

বৰপেটা জিলাৰ মন্দিয়াৰ মৰাপাট বজাৰৰ সমীপত কালি নিশা সংঘটিত অগ্নিকাণ্ডত ৫ খন দোকান সম্পূৰ্ণৰূপে ভষ্মীভূত হয়। বৈদ্যুতিক বিজুতিৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি মন্দিয়া আৰক্ষীয়ে প্রাথমিক অনুসন্ধানত সদৰী কৰিছে। এই ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও কেইবা লাখ টকাৰ সম্পত্তি জুইত জাঁহ যায়।