July 18, 2026 7:12 PM
6
বৰপেটা জিলাৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক ঘাইপথত ই-ৰিক্সাৰ চলাচল নিষিদ্ধ
বৰপেটা জিলাৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক ঘাইপথত ই-ৰিক্সাৰ চলাচল নিষিদ্ধ কৰা হৈছে। বৰপেটাৰ জিলা আয়ুক্ত নবদ্বীপ পাঠকে আজি জাৰি কৰা এক নিৰ্দেশনাৰ জৰিয়তে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত জাৰি কৰা এই নিৰ্দেশনা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু বৰপেটা চহৰৰ চাউলখোৱা নদীৰ পাৰৰ পৰা হাউলিলৈ থকা ৰাজ্যিক ঘাইপথত কাৰ্যকৰী হ'ব।