বৰপেটা জিলাৰ হস্ততাঁত আৰু হস্তশিল্প খণ্ডৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ লগত জড়িত উদ্যোগী আৰু শিল্পীসকলক আগবঢ়াই নিয়াৰ লক্ষ্যৰে আজি এখন কর্মশালা অনুষ্ঠিত হয়। উদ্যোগ বিভাগৰ সহযোগত আয়োজন কৰা এই কৰ্মশালাৰ জৰিয়তে ২৫০ গৰাকী উদ্যোগী তথা শিল্পীক হস্ততাঁত আৰু হস্তশিল্প খণ্ডত সফলতাৰ দিশত আগবঢ়াই নিয়াৰ প্ৰয়াস কৰা হ’ব। বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য, জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ মহাপ্ৰৱন্ধক অৰূপ কুমাৰ ডেকাই উদ্যোগী আৰু শিল্পীসকলক চৰকাৰী আঁচনিৰ সুবিধা গ্ৰহণ কৰি কেনেদৰে আগবাঢ়ি যাব পাৰি সেই বিষয়ে অৱগত কৰে ।
Assamese | August 27, 2025 8:12 PM | Borpeta
উদ্যোগ বিভাগৰ সহযোগত বৰপেটাত হস্ততাঁত কর্মশালা অনুষ্ঠিত