বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাৰ তিৰোভাৱ তিথি আজি সত্ৰখনত কীৰ্তন মহোৎসৱৰূপে উলহ-মালহেৰে পালন কৰা হয়। এই উপলক্ষে নিয়মীয়া প্ৰসংগৰ লগতে নৈমিত্তিক প্ৰসংগ হিচাপে ঘোষা কীর্তন, গায়ন-বায়ন আদি পৰিৱেশন কৰা হয়। বিয়লি সত্ৰখনৰ অধীনত নহাটীৰ ভকতসকলে পৰম্পৰাগতভাৱে কৰভাৰ প্ৰদান কৰে। উল্লেখযোগ্য যে বৰপেটা সত্ৰ যি নীতি-নিয়মৰ মাজেৰে পৰিচালিত হৈ আহিছে, সেই পৰম্পৰা মথুৰা দাস বুঢ়া আতাই আৰম্ভ কৰিছিল। তদুপৰি বৰপেটাত হাটীয়াৰ ব্যৱস্থা আৰু হাটীসমূহত বেংক ব্যৱস্থা প্ৰৱৰ্তন কৰি সত্ৰ নগৰীখন সমাজ ব্যৱস্থা আর্থিকভাৱে সৱল কৰি তোলাৰ নীতিও প্ৰৱৰ্তন কৰিছে। মথুৰা দাস বুঢ়া আতাৰ কীর্তন মহোৎসৱ উপলক্ষে আজি পুৱাৰে পৰা সত্ৰখনত যথেষ্ট লোকৰ সমাগম হয়।
Assamese | October 10, 2025 6:53 PM | Borpeta
বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাৰ তিৰোভাৱ তিথি উলহ-মালহেৰে পালন