অসমত দীনদয়াল দিব্যাংগ পেন্সন আঁচনি পুনৰ প্ৰৱৰ্তন কৰা আৰু দিব্যাংগসকলৰ মাহিলী পেন্সনৰ পৰিমাণ বৃদ্ধি কৰিবলৈ আজি বৰপেটা জিলা দিব্যাংগ সন্থাৰ বৰপেটা জিলা সমিতিয়ে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। বৰপেটা জিলা দিব্যাংগ সন্থাৰ সম্পাদক অনন্ত ডেকাই ভাৰতৰ আনবোৰ ঠাইত বর্তমানে চলি থকা এই আঁচনিখন অসমতো পুনৰ প্ৰৱৰ্তন কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ জনাইছে। একেদৰে মাহিলী ভাট্টাৰ পৰিমাণো বৰ্তমানৰ এহেজাৰ টকাৰ পৰিৱৰ্তে ৫ হাজাৰ টকালৈ বৃদ্ধি কৰিবলৈ সন্থাই স্মাৰক পত্ৰৰ জৰিয়তে আহ্বান জনাইছে।
Assamese | September 9, 2025 7:04 PM | Borpeta
দীনদয়াল দিব্যাংগ পেন্সন আঁচনি পুনৰ প্ৰৱৰ্তনৰ বাবে মুখ্যমন্ত্ৰীলৈ বৰপেটা জিলা সমিতিৰ স্মাৰক-পত্ৰ প্ৰেৰণ