ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ প্ৰথমজনা সত্ৰাধিকাৰ মথুৰাদাস বুঢ়া আঁতাৰ দুদিনীয়াকৈ অনুষ্ঠিত জন্মোৎসৱ কাৰ্যসূচীৰ আজি সামৰণি পৰে। সত্ৰখনৰ চৌহদত কালিৰে পৰা অনুষ্ঠিত এই জন্মোৎসৱ উপলক্ষে নিতৌ চৈধ্য প্ৰসংগৰ উপৰি ধৰ্মালোচনী সভাও অনুষ্ঠিত কৰা হয়। আনহাতে, থুল দক্ষিণহাটিৰ গায়ন বায়নসকলে গুৰু আসনৰ সন্মুখত সৰু ধেমালী পৰিবেশন কৰে। বিয়লি সত্ৰৰ টুপৰ চোতালত আয়সকলৰ নাম অনুষ্ঠিত হয়।
Assamese | June 7, 2025 7:47 PM | Borpeta
বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ মথুৰাদাস বুঢ়া আঁতাৰ দুদিনীয়াকৈ অনুষ্ঠিত জন্মোৎসৱ কাৰ্যসূচীৰ সামৰণি