বৰপেটা জিলাৰ নিজ চেঙা গাঁৱত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ তথ্য লাভ কৰাৰ পাছতো জিলা প্ৰশাসনে জিলাখনত গাহৰিৰ সৰবৰাহ আৰু গাহৰি মাংস বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগে আজি এই তথ্য নিশ্চিত কৰাৰ পাছতেই জিলাখনৰ ভাৰপ্ৰাপ্ত আয়ুক্তই অসম মহামাৰী আইন ২০২৩ অনুসৰি কঠোৰ নিৰ্দেশনা জাৰি কৰে। অৱশ্যে ৰাষ্ট্ৰীয় ঘাইপথেৰে গাহৰিৰ পৰিবহন অব্যাহত থাকিব। এই ৰোগৰ সংক্ৰমণ হোৱা অঞ্চলৰ ১ কিলোমিটাৰ ব্যাসাৰ্ধত জনসমাবেশতো বাধা আৰোপ কৰা হৈছে। বৰপেটাৰ জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াই প্ৰকাশ কৰা মতে সতর্কতামূলক ব্যৱস্থা হিচাপে এই ৰোগৰ সংক্ৰমণ হোৱা নিজ চেঙা গাঁৱৰ পামখনত কাইলৈ গাহৰি নিধন কৰা হ‘ব। উল্লেখযোগ্য যে এসপ্তাহ পূৰ্বে জিলাখনৰ গহিয়া গাঁৱৰ এজন লোকৰ পামৰ গাহৰিত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ ধৰা পৰাৰ ফলত পামখনৰ ১৮টা গাহৰি নিধন কৰা হৈছিল ।
Assamese | May 22, 2025 8:20 PM | Borpeta
বৰপেটা জিলাত গাহৰি মাংস বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ জিলা প্ৰশাসনৰ