অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পূৰ্বে কালি অসম মন্ত্রীসভাই জৰুৰীকালীন সেৱা শক্তিশালী কৰা, ঔদ্যোগিক বিকাশ তথা প্রশাসন ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদমেলত কয়, যে অসম আৰক্ষীৰ ১১২ নম্বৰ সেৱাৰ আধুনিকীকৰণৰ বাবে ৯৭ কোটি ৯০ লাখ টকা প্রদানত অসম মন্ত্রীসভাই অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে আৰক্ষী, অগ্নিনির্বাপক আৰু স্বাস্থ্য বিভাগৰ মাজত সমন্বয় সুদৃঢ় কৰি ২৪ ঘণ্টাই জনসাধাৰণক জৰুৰীকালীন সেৱা প্ৰদানৰ ব্যৱস্থা কৰা হ’ব। এই ব্যৱস্থাৰ অধীনত ২০০ খন বাহনক ভ্ৰাম্যমান আৰক্ষী থানাৰ আৰ্হিত গঢ়ি তোলা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
মন্ত্রীসভাই বিশ্বনাথ চাৰিআলিত আমূলৰ এটা দুগ্ধ প্ৰক্ৰিয়াকৰণ গোট স্থাপনৰ বাবে ৩৩ বিঘা ভূমিৰ আৱণ্টনত অনুমোদন জনায়। এই পদক্ষেপে ৰাজ্যৰ দুগ্ধ উদ্যোগক শক্তিশালী কৰাৰ উপৰি দুগ্ধ উৎপাদনকাৰীসকলৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিব বুলি ড০ শৰ্মাই মত প্ৰকাশ কৰে।
মন্ত্রীসভাই বিধানসভাৰ অধিৱেশনত উত্থাপন হ’বলগীয়া কেইবাখনো বিধেয়কতো অনুমোদন জনায়। ইয়াৰ ভিতৰত ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ (স্থাপন আৰু পৰিচালন সুবিধা) বিধেয়ক ২০২৬, অসম জনবিশ্বাস বিধেয়ক ২০২৬, অসম পৰ্যন (উন্নয়ন আৰু পঞ্জীয়ন সংশোধনী) বিধেয়ক ২০২৬ আৰু অসম ব্যৱসায় সুচলতা সংশোধনী বিধেয়ক ২০২৬ অন্যতম।
মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যত অগৰৰ ব্যৱসায়ক শৃংখলাবদ্ধ কৰাৰ বাবে মন্ত্রী পীযূষ হাজৰিকা, বিমল বৰা আৰু জয়ন্ত মল্লবৰুৱাৰ নেতৃত্বত এখন কেবিনেট সমিতি গঠনৰ সিদ্ধান্ত লোৱা হয়। এই সমিতিয়ে অগৰৰ ব্যৱসায়ক সুশৃংখলিত কৰি কৃষকসকলক উপকৃত কৰাৰ স্বাৰ্থত কাম কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে উদ্যোগ, কৃষি আৰু বন বিভাগে এই সমিতিৰ অধীনত একেলগে কাম কৰিব উল্লেখ কৰে।
মুখ্যমন্ত্রীয়ে কয়, যে পশ্চিম এছিয়াৰ সংকটৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে অপ্ৰয়োজনীয় ব্যয় হ্ৰাসৰ বাবে চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিদেশ ভ্ৰমণৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা প্রত্যাহাৰতো মন্ত্ৰীসভাই অনুমোদন জনাইছে।