July 5, 2026 9:02 PM

views 30

ফিফা বিশ্বকাপ ফুটবলত প্রি-কোৱাৰ্টাৰ ফাইনেলত ব্রাজিল আৰু নৰৱে মুখামুখি

ফিফা বিশ্বকাপ ফুটবলত আজি প্রি-কোৱাৰ্টাৰ ফাইনেলৰ ভাৰতীয় সময় অনুসৰি মাজনিশা ডেৰ বজাত নিউ জার্চিত হ'বলগীয়া এখন খেলত ব্রাজিল আৰু নৰৱে মুখামুখি হ'ব। প্রতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ মেক্সিকোত হ'বলগীয়া আনখন খেলত কাইলৈ পুৱা ৫.৩০ বজাত মেক্সিকো আৰু ইংলেণ্ড মুখামুখি হ'ব। উল্লেখযোগ্য যে ইতিমধ্যে ফিলাডেলফিয়া...

July 5, 2026 8:57 PM

views 12

ভেনিজুৱেলাত ভূমিকম্পত প্রভাবিতসকলৰ সাহায্যৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপক  দেশখনৰ ৰাষ্ট্ৰপতি ডেলছি বড়িগুৱেজৰ ধন্যবাদ জ্ঞাপন

ভেনিজুৱেলাত অলপতে সংঘটিত প্রলয়ংকাৰী ভূমিকম্পত প্রভাবিত লোকসকলৰ সাহায্যৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ বাবে দেশখনৰ ৰাষ্ট্ৰপতি ডেলছি বড়িগুৱেজে আজি ধন্যবাদ জ্ঞাপন কৰিছে। তেওঁ কয় যে এতিয়া ভেনিজুৱেলাৰ পুনৰ জন্ম হ'ব। সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে ব্রিটেইন, কাটাৰ, ফ্রান্স, ভাৰত, বার...

July 5, 2026 8:47 PM

views 3

ভাৰতীয় মজদুৰ সংঘ আৰু স্বীকৃতিপ্রাপ্ত কৰ্মচাৰী সংস্থাৰ প্রতিনিধি দলৰ সৈতে কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি আৰু পেন্সন বিভাগৰ ৰাজ্যমন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ মত বিনিময়

কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি আৰু পেন্সন বিভাগৰ ৰাজ্যমন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে আজি চৰকাৰী কৰ্মচাৰীক পেন্সনাৰ তথা প্রশাসনীয় সংস্কাৰ সম্পৰ্কীয় এলানি বিষয় আলোচনা কৰাৰ উদ্দেশ্যে ভাৰতীয় মজদুৰ সংঘ আৰু স্বীকৃতিপ্রাপ্ত কৰ্মচাৰী সংস্থাৰ এটা প্রতিনিধি দলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে প্রতিষ্ঠানিক আলোচনাৰ...

July 5, 2026 8:39 PM

views 12

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আসন্ন ইণ্ডোনেছিয়া ভ্রমণ দুয়োদেশৰ মাজত অর্থনৈতিক বিনিময় শক্তিশালী হোৱাৰ সম্ভাৱনা আছে

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ কাইলৈৰ পৰা ইণ্ডোনেছিয়া ভ্রমণে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ সম্পর্ক অধিক শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক সহযোগিতাৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা কৰিব। ইণ্ডোনেছিয়াস্থিত ভাৰতীয় ৰাষ্ট্রদূত সন্দীপ চক্ৰৱৰ্তীয়ে জাকার্টাত আকাশবাণীৰ সৈতে হোৱা সাক্ষাৎকাৰত এই বিষয়ে প্রকাশ কৰে। তেওঁ কয়, য...

July 5, 2026 8:33 PM

views 6

জনসাধাৰণক দৈনিক কমেও এঘণ্টা মোবাইল ফোন ব্যৱহাৰৰ পৰা আঁতৰত থাকি শাৰীৰিক ব্যায়াম তথা ক্রীড়াত মনোনিবেশ কৰিবলৈ কেন্দ্রীয় মন্ত্রী ড০ মনসুখ মাণ্ডাভিয়াৰ পৰামৰ্শ

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু যুৱ পৰিক্ৰমা মন্ত্রী ড০ মনসুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীত ফিট ইণ্ডিয়া চান্ডেজ অন চাইকেল পদক্ষেপৰ ৯০ সংখ্যক সংস্কৰণত অংশগ্ৰহণ কৰে। আধ্যাত্মিক গুৰু শ্রী সত্য চাইবাবাৰ জন্মশতবার্ষিকী উপলক্ষে শ্রী সত্য চাই সেৱা সংস্থাৰ সহযোগিতাত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। সামূহিক দৌৰ আৰু চাইক...

July 5, 2026 8:28 PM

views 10

অপেকে চলিত বৰ্ষৰ আগষ্টৰ পৰা দৈনিক ১৮৮ হাজাৰ বেৰেল পর্যন্ত তেলৰ উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্য লৈছে

পেট্রলিয়াম ৰপ্তানি কৰা দেশসমূহৰ সংস্থা অপেকে চলিত বৰ্ষৰ আগষ্টৰ পৰা দৈনিক ১৮৮ হাজাৰ বেৰেল পর্যন্ত তেলৰ উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। আন্তর্জাতিক তেল বিপণন পৰিস্থিতি পর্যালোচনা কৰাৰ উদ্দেশ্যে আয়োজিত এখন ভার্চুৱেল বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত জাৰি কৰা এটা বিবৃতিত চৌদি আৰৱ, ৰাছিয়...

July 5, 2026 8:16 PM

views 10

কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত ব্ৰীকছ ৰাষ্ট্ৰৰ মাদকদ্রব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক

কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত সোমবাৰ আৰু মঙলবাৰে ব্ৰীকছ ৰাষ্ট্ৰৰ মাদকদ্রব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। গৃহ মন্ত্ৰ্যালয়ৰ অধীনৰ মাদক দ্রব্য নিয়ন্ত্রণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰীকছৰ সদস্য ৰাষ্...

July 5, 2026 8:12 PM

views 10

বন মন্ত্রীৰ নিৰ্দেশৰ পাছতে বিভিন্ন জিলাত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান অব্যাহত

বন মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ নিৰ্দেশৰ পাছতে জিলাই জিলাই বন বিভাগৰ বিষয়া-কর্মচাৰীসকলে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। গোৱালপাৰা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত হাদলাপাৰাত অভিযান চলাই বন বিভাগৰ দলে আজি এটা কাঠফলা মিলৰ লগতে প্রায় ৬০ হাজাৰ টকাৰ চেগুন কাঠৰ কুণ্ডা জব্দ কৰে। গোৱালপাৰা ...

July 5, 2026 8:06 PM

views 6

ৰাজ্যত ২০০ খন মোবাইল থানা গঠন কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রকাশ

জনসাধাৰণক ক্ষীপ্ৰতাৰে সহায় আগবঢ়াবলৈ ৰাজ্যত ২০০ খন মোবাইল থানা গঠন কৰা হ'ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদমেল যোগে প্রকাশ কৰে। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড০ শর্মাই এই সন্দর্ভত কয়, যে এখন বাহন, এছ আই পৰ্যায়ৰ আৰক্ষীক লৈ মোবাইল থানা গঠন কৰা হ'ব। ডেৰগাঁৱত এটা নতুন কল চেণ্টাৰ নিৰ্মাণ...

July 5, 2026 8:03 PM

views 10

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই মহানগৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মহানগৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। এই প্রকল্পসমূহৰ জৰিয়তে ৰাজ্যৰ অগ্রগতি ত্বৰান্বিত হ'ব বুলিও তেওঁ মত প্রকাশ কৰে। উল্লেখযোগ্য যে ৰাজধানী চহৰখনত ৰাজ্য চৰকাৰৰ অধীনস্থ সকলো বিভাগৰ কাম-কাজ একে স্থানতে সম্পন্ন কৰি প্ৰশাসনীয় সুচলতা বৃদ...