July 5, 2026 8:28 PM | OPEC

printer

অপেকে চলিত বৰ্ষৰ আগষ্টৰ পৰা দৈনিক ১৮৮ হাজাৰ বেৰেল পর্যন্ত তেলৰ উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্য লৈছে

পেট্রলিয়াম ৰপ্তানি কৰা দেশসমূহৰ সংস্থা অপেকে চলিত বৰ্ষৰ আগষ্টৰ পৰা দৈনিক ১৮৮ হাজাৰ বেৰেল পর্যন্ত তেলৰ উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। আন্তর্জাতিক তেল বিপণন পৰিস্থিতি পর্যালোচনা কৰাৰ উদ্দেশ্যে আয়োজিত এখন ভার্চুৱেল বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বৈঠকৰ অন্তত জাৰি কৰা এটা বিবৃতিত চৌদি আৰৱ, ৰাছিয়া, ইৰাক, কুৱেইট, কাজাখস্থান, আলজেৰিয়া আৰু ওমানকে ধৰি সাতখন সদস্য-ৰাষ্ট্ৰৰে গঠিত অপেক প্লাছ গোটে প্রকাশ কৰে যে বিপণন ক্ষেত্ৰৰ স্থিৰতা অনাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্রহণ কৰা হৈছে।

বিপণন ক্ষেত্ৰৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি উৎপাদন বৃদ্ধি অথবা হ্রাস কৰাৰ লগতে আনুষঙ্গিক পদক্ষেপৰ সৈতে শিথিল তথা সাৱধানী দৃষ্টিভংগী গ্ৰহণ কৰাৰ বাবে এই গোট প্রতিশ্রুতিবদ্ধ বুলি বিবৃতিটোত প্রকাশ কৰা হয়। আন্তর্জাতিক তেলৰ বিপণন ক্ষেত্ৰৰ পৰিস্থিতি পর্যবেক্ষণ কৰি থকা হ’ব বুলি অপেকে প্রকাশ কৰে। উল্লেখযোগ্য যে অহা ২ আগষ্টত গোটৰ পৰৱৰ্তী বৈঠক অনুষ্ঠিত হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।