প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ কাইলৈৰ পৰা ইণ্ডোনেছিয়া ভ্রমণে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ সম্পর্ক অধিক শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক সহযোগিতাৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা কৰিব। ইণ্ডোনেছিয়াস্থিত ভাৰতীয় ৰাষ্ট্রদূত সন্দীপ চক্ৰৱৰ্তীয়ে জাকার্টাত আকাশবাণীৰ সৈতে হোৱা সাক্ষাৎকাৰত এই বিষয়ে প্রকাশ কৰে।
তেওঁ কয়, যে সোমবাৰৰ পৰা ৮ জুলাইলৈকে প্রধানমন্ত্রী মোদীৰ ইণ্ডোনেছিয়া ভ্রমণকালত দুয়োদেশৰ মাজত অর্থনৈতিক বিনিময় শক্তিশালী হ’ব পৰাকৈ ন ন ক্ষেত্ৰ মুকলি হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয়, যে সম্প্রতি ৩০ বিলিয়ন ডলাৰৰ বাণিজ্যৰ স্থিতিক ভবিষ্যতে অধিক শক্তিশালী কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে।
ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত পাৰস্পৰিক বিনিয়োগ বৃদ্ধিৰ লগতে সামুদ্রিক প্রতিবেশী হিচাপে যোগাযোগ আৰু সামৰ্থ বর্ধনৰ ক্ষেত্ৰতো দেশ দুখনে কাম কৰি গৈছে বুলি তেওঁ জানিবলৈ দিয়ে। প্রধানমন্ত্রীৰ এই ভ্রমণকালত সামুদ্রিক সুৰক্ষা, মহাকাশ সহযোগিতা, তথ্য প্রযুক্তি বিজ্ঞানকে ধৰি বিভিন্ন ক্ষেত্ৰত কেইবাখনো চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ কয়।