ভেনিজুৱেলাত ভূমিকম্পত প্রভাবিতসকলৰ সাহায্যৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপক  দেশখনৰ ৰাষ্ট্ৰপতি ডেলছি বড়িগুৱেজৰ ধন্যবাদ জ্ঞাপন

ভেনিজুৱেলাত অলপতে সংঘটিত প্রলয়ংকাৰী ভূমিকম্পত প্রভাবিত লোকসকলৰ সাহায্যৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ বাবে দেশখনৰ ৰাষ্ট্ৰপতি ডেলছি বড়িগুৱেজে আজি ধন্যবাদ জ্ঞাপন কৰিছে। তেওঁ কয় যে এতিয়া ভেনিজুৱেলাৰ পুনৰ জন্ম হ’ব।

সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে ব্রিটেইন, কাটাৰ, ফ্রান্স, ভাৰত, বার্বাডোজ, ব্রাজিল আৰু আর্জেন্টিনাই আগবঢ়োৱা সাহায্যৰ শলাগ লৈ কয় যে দুৰ্যোগৰ সময়ত এই দেশসমূহে প্ৰদৰ্শন কৰা সহমর্মিতাৰ প্ৰতি ভেনিজুৱেলাই সন্মান প্রদর্শন কৰিছে। তেওঁ কয় যে দেশখনে এই নিষ্ঠা, সাহস আৰু প্রতিশ্রুতিবদ্ধতা চিৰকাল মনত ৰাখিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।