July 12, 2026 11:55 AM

views 24

ভেনেজুৱেলাত ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৩৩৩লৈ বৃদ্ধি

ভেনেজুৱেলাত যোৱা ২৪ জুনত হোৱা ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৩৩৩লৈ বৃদ্ধি পাইছে। নেশ্যনেল এছেম্বলীৰ অধ্যক্ষ জৰ্জ ৰদ্ৰিগছে প্ৰকাশ কৰা অনুসৰি ভূমিকম্পত ক্ষতিগ্রস্ত লোকসকলৰ বাবে অহা সপ্তাহৰ পৰা থকা ঘৰৰ ব্যবস্থা কৰা হ'ব। ইপিনে এই ঘটনাত মৃত্যু হোৱাসকলৰ ভিতৰৰ ৩১৫টা শৱদেহ এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। এই প্রলয়ংকাৰী ভূমিকম্পত ১৬,৭৪০ গৰাকী লোক আঘাতপ্রাপ্ত হোৱাৰ লগতে প্রায় ১৭ হাজাৰ লোক গৃহহীন হৈছিল।

July 5, 2026 8:57 PM

views 31

ভেনিজুৱেলাত ভূমিকম্পত প্রভাবিতসকলৰ সাহায্যৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপক  দেশখনৰ ৰাষ্ট্ৰপতি ডেলছি বড়িগুৱেজৰ ধন্যবাদ জ্ঞাপন

ভেনিজুৱেলাত অলপতে সংঘটিত প্রলয়ংকাৰী ভূমিকম্পত প্রভাবিত লোকসকলৰ সাহায্যৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ বাবে দেশখনৰ ৰাষ্ট্ৰপতি ডেলছি বড়িগুৱেজে আজি ধন্যবাদ জ্ঞাপন কৰিছে। তেওঁ কয় যে এতিয়া ভেনিজুৱেলাৰ পুনৰ জন্ম হ'ব। সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে ব্রিটেইন, কাটাৰ, ফ্রান্স, ভাৰত, বার্বাডোজ, ব্রাজিল আৰু আর্জেন্টিনাই আগবঢ়োৱা সাহায্যৰ শলাগ লৈ কয় যে দুৰ্যোগৰ সময়ত এই দেশসমূহে প্ৰদৰ্শন কৰা সহমর্মিতাৰ প্ৰতি ভেনিজুৱেলাই সন্মান প্রদর্শন কৰিছে। তেওঁ কয় যে দেশখনে এই নিষ্ঠা, সাহস আৰু প্রতিশ...

June 28, 2026 11:47 AM

views 21

ভেনিজুৱেলাৰ বিধবংসী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ১,৪৩০লৈ বৃদ্ধি

ভেনিজুৱেলাৰ বিধবংসী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪৩০লৈ বৃদ্ধি পাইছে। যোৱা বুধবাৰে ৰিখটাৰ স্কেলত ৭.২ আৰু ৭.৫ প্রাবল্যৰ ভূমিকম্পৰ পাছত দক্ষিণ আমেৰিকাৰ দেশখনত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। এতিয়াও প্রায় ৬৮,৯০০ লোক সন্ধানহীন হৈ থকাৰ বাতৰি পোৱা গৈছে।