July 5, 2026 9:06 PM | Wimbledon Tennis

printer

উইম্বলডন টেনিছত চাবিয়াৰ ন’ভাক জ’ক’ভিচ আৰু ৰাছিয়াৰ ৰোমান ছাফিউলিন মুখামুখি

উইম্বলডন টেনিছৰ এখন খেলত চাবিয়াৰ ন’ভাক জ’ক’ভিচ আৰু ৰাছিয়াৰ ৰোমান ছাফিউলিন মুখামুখি হ’ব। আনহাতে, পুৰুষৰ ছিংগলছত জাপানৰ ছিণ্টোৰা মুছিজুকি আৰু ইটালীৰ শীৰ্ষস্থানৰ খেলুৱৈ জান্নিক ছিনাৰ পৰস্পৰৰ মুখামুখি হ’ব।

আন এখন খেলত পোলেণ্ডৰ হুবার্ট হুর্কাছে জার্মানীৰ জেন লেনাৰ্ড ষ্টাফৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে প্রি-কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত স্পেইনৰ আলেজান্দ্রো ডেভিড ‘ভিচ ফকিনাই কানাডাৰ ফেলিক্স অগাৰ এলিয়াচিমৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

মহিলাৰ একক শাখাত চেক গণৰাজ্যৰ কেৰালিনা মুছোভাই একেই দেশৰ বাৰ্বোৰা ক্রেজচিক’ ভাৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ লগতে শীর্ষস্থানৰ খেলুৱৈ আৰিয়ানা ছাবালেংকাই জাপানৰ নাআমি অছাকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

আমেৰিকাৰ চতুৰ্থ স্থানৰ খেলুৱৈ জেছিকা পেগুলাই একেখন দেশৰ ইভাজভিকৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব। আনহাতে, ছুইজাৰলেণ্ডৰ বেলিণ্ডা বেছিক আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক’ক’ গৌফৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।