September 18, 2026 1:50 PM

views 4

অসমে উচ্চ গতিসম্পন্ন আঞ্চলিক ৰে’ল নেটৱৰ্ক বিকশাই তোলাৰ সম্ভাৱনাৰ অন্বেষণ কৰি আছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

অসমে দিল্লী-মিৰাট আঞ্চলিক দ্রুত ৰে'ল প্ৰণালীৰ লেখীয়া উচ্চ গতিসম্পন্ন আঞ্চলিক ৰে'ল নেটৱৰ্ক বিকশাই তোলাৰ সম্ভাৱনাৰ অন্বেষণ কৰি আছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। ড° শর্মাই আজি সামাজিক মাধ্যমযোগে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে ৰাজ্যৰ গুৰুত্বপূর্ণ বিকাশ ক্ষেত্ৰসমূহৰ মাজত সংযোগ সাধ...

September 18, 2026 1:43 PM

views 3

জন্মগতভাবে হৃদৰোগত আক্ৰান্ত ৭৬ টি শিশুক ৰাজ্য চৰকাৰৰ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ

ৰাজ্য চৰকাৰে জন্মগতভাবে হৃদৰোগত আক্রান্ত ৭৬ টি শিশুক চৰকাৰী ব্যয়ত বিশেষ চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে। শিশুকেইটিক উন্নত চিকিৎসাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ৰাজ্যিক জন্মগত হৃদৰোগ চিকিৎসা আঁচনি অধীনত বাংগালুৰু আৰু নাৰায়ণা আৰু মুম্বাইৰ হেল্থ চিটী হাস্পতালত ভর্তি কৰোৱাৰ সিদ্ধান্ত লোৱা হৈছে। স্বাস্থ্য ম...

September 18, 2026 1:37 PM

views 12

পৰিৱেশ সংৰক্ষণ, অর্থনৈতিক আৰু সাংস্কৃতিক দিশত বাঁহৰ গুৰুত্ব সম্পৰ্কত সজাগতাৰ বাবে বিশ্ব বাঁহ দিৱস পালন

আজি বিশ্ব বাঁহ দিৱস। পৰিৱেশ সংৰক্ষণ, অর্থনৈতিক আৰু সাংস্কৃতিক দিশত বাঁহৰ গুৰুত্ব সম্পৰ্কত সজাগ কৰাৰ বাবে প্ৰতিবছৰে ১৮ ছেপ্তেম্বৰৰ দিনটো বাঁহ দিৱস হিচাপে পালন কৰা হয়। ২০০৯ চনত বিশ্ব বাঁহ সংস্থাৰ অধ্যক্ষ কামেশ ছালামে এই দিৱস উদযাপনৰ সিদ্ধান্ত লৈছিল। এই দিৱস উদযাপনৰ দ্বাৰা গ্ৰাম্য অর্থনীতিৰ উন্নয়ন, জলব...

September 18, 2026 1:23 PM

views 4

তিনিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ  ১২৭ ৰাণত জয়লাভ

ভাৰতে যোৱা নিশা নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত তিনিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত আফগানিস্তানক ১২৭ ৰাণত পৰাস্ত কৰি শৃংখলাৰ আটাইকেইখন খেলত জয়লাভ কৰা কৃতিত্ব অর্জন কৰে। খেলখনত ভাৰতে প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২২১ ৰাণ কৰে। ভাৰতৰ হৈ অভিষ...

September 18, 2026 1:16 PM

views 4

ভাৰতীয় সেনাৰ মুৰব্বী জেনেৰেল ধীৰাজ ছেথৰ ৰাছিয়াৰ স্থল বাহিনীৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন

তিনিদিনীয়া ৰাছিয়া ভ্ৰমণলৈ যোৱা ভাৰতীয় সেনাৰ মুৰব্বী জেনেৰেল ধীৰাজ ছেথে ৰাছিয়াৰ স্থল বাহিনীৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে। এই ভ্রমণকালত সামৰিক সহযোগিতা শক্তিশালী কৰা আৰু দেশ দুখনৰ সামৰিক প্ৰশিক্ষণৰ সংযোগ সম্প্ৰসাৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত সামর্থ্য বিকাশ শক্তিশালী কৰ...

September 18, 2026 12:59 PM

views 3

৩১ জানুৱাৰীৰ পৰা হ’বলগীয়া অসম সাহিত্য সভাৰ দ্বিবার্ষিক অধিবেশনত ২৫ সহস্রাধিক পুৰুষ-মহিলাই জাতীয় সংগীত পৰিবেশন কৰিব

দুলীয়াজানৰ নাওশলীয়া বৰকলা মাজগাঁও পথাৰত অহা ৩১ জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া অসম সাহিত্য সভাৰ দ্বিবার্ষিক অধিবেশনৰ পতাকা উত্তোলনস্থলীত ২৫ সহস্রাধিক পুৰুষ-মহিলাই জাতীয় সংগীত পৰিবেশন কৰিব। অষ্টসপ্ততিতম দ্বিবার্ষিক দুলীয়াজান অধিবেশনৰ আদৰণি সমিতিয়ে কালি এখন সংবাদ মেলত এই কথা সদৰি কৰে। উদ...

September 18, 2026 12:46 PM

views 2

ধলা-শদিয়া সংযোগী ড০ ভূপেন হাজৰিকা সেতুই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা কৰিছে

ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন এন ডি এ চৰকাৰৰ কাৰ্যকালত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত অভূতপূর্ব পৰিৱৰ্তন সাধন হৈছে। বহু প্রতীক্ষিত ধলা-শদিয়া সংযোগী ড০ ভূপেন হাজৰিকা সেতু মুকলিৰ পাছত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা হৈছে। এই দ...

September 18, 2026 12:33 PM

views 11

২০২৬-২৭ বিত্তীয় বৰ্ষৰ অসম চৰকাৰৰ শিল্পী পেঞ্চন আঁচনিৰ বাবে শিল্পীসকলৰ পৰা আবেদন আহ্বান

অসম চৰকাৰে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা ব্যক্তিসকললৈ পেঞ্চন, পৰিয়াল পেঞ্চন তথা বার্ষিক শিল্পী সন্মানৰ লগতে ইতিমধ্যে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা শিল্পীৰ অভাৱগ্ৰস্ত পৰিয়ালবৰ্গলৈ বিশেষ পৰিয়াল পেঞ্চন আগবঢ়াই আহিছে। ৰাজ্য চৰকাৰৰ ১৯৮৭ চনৰ শিল্পী পেঞ্চন আৰু বিশেষ...

September 18, 2026 12:27 PM

views 5

নগাঁও উপ-নির্বাচনৰ বাবে ১৮ গৰাকী প্রার্থীৰ মনোনয়ন বৈধ বিবেচিত। ৭ গৰাকী প্রার্থীৰ মনোনয়ন বাতিল

নগাঁও সংসদীয় সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে দাখিল কৰা ২৫ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্রসমূহ কালি পৰীক্ষা কৰা হয়। পৰীক্ষাৰ অন্তত বিজেপিৰ দেৱাশিস শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল, চি পি আইৰ ইনামুল হুদাৰ লগতে মুঠ ১৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ হিচাপে বিবেচিত হৈছে। তৃণ...

September 18, 2026 12:22 PM

views 6

বান ক্ষতিগ্রস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ

বান ক্ষতিগ্রস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাত লোকপিয়লৰ গৃহৰ তালিকা প্রস্তুতৰ সময়সীমা প্রায় এমাহ বৃদ্ধি কৰা হৈছে। মহাপঞ্জীয়ক তথা লোকপিয়ল আয়ুক্ত মৃত্যুঞ্জয় কুমাৰ নাৰায়নে বৃহস্পতিবাৰে ৰাজপত্ৰিত অধিসূচনাযোগে এই কথা সদৰি কৰি কয় যে জিলা দুখনত বাসগৃহৰ তালিকা প্রস্তুত আৰু গৃহ পিয়লৰ সময়সীমা ৩১ অক্টোবৰলৈ বৃদ্ধি ...