November 1, 2026 8:08 PM

views 5

বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাৰ পৰহিলৈৰ পৰা স্পেইন ভ্ৰমণ

বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাই পৰহিলৈৰ পৰা তিনিদিনীয়া চৰকাৰী কাৰ্য্যসূচীৰে স্পেইন ভ্ৰমণ কৰিব। এই ভ্রমণকালত শ্রীমাৰ্ঘেৰিটাই স্পেইনে আয়োজন কৰা ৩০ সংখ্যক ইবেৰ আমেৰিকান শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। ভাৰতে এই সন্মিলনত সহযোগী পৰ্য্যবেক্ষণকাৰী ৰাষ্ট্ৰ হিচাপে অংশগ্রহণ কৰিব। স্পেইন, পর্তুগ...

November 1, 2026 8:04 PM

views 3

মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ বৈঠক

নতুন দিল্লীত অহা ২৯ নবেম্বৰত হ'বলগীয়া ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী অনুষ্ঠানৰ প্রস্তুতি সন্দৰ্ভত আজি মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই অনুষ্ঠানত অসমৰ পৰা যাবলগীয়া শিল্পী, আমন্ত্রিত অতিথি আৰু সংশ্লিষ্ট বিষয়ববীয়াসকল দিল্লীত থকা-মেলাৰ ব্যবস্থা সন্দৰ্ভত আলোচনা...

November 1, 2026 8:01 PM

views 4

আজিৰে পৰা ১৫ নৱেম্বৰলৈ জনজাতীয় গৌৰৱ দিৱস উদযাপন

ধৰতী আবা হিচাপে বিভূষিত জনজাতীয় সম্প্ৰদায়ৰ নেতা ভগৱান বীৰছা মুণ্ডাৰ জয়ন্তীৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্রালয়ে আজিৰে পৰা ১৫ নৱেম্বৰলৈ জনজাতীয় গৌৰৱ দিৱস উদযাপন কৰিছে। ২০২১ চনত নেতাগৰাকীৰ জয়ন্তী ১৫ নৱেম্বৰৰ সৈতে সংগতি ৰাখি ভাৰতৰ জনজাতীয় লোকসকলৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসক সোঁৱৰণ কৰাৰ ...

November 1, 2026 7:56 PM

views 7

কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানত ২০২৬-২৭ পর্যটন বর্ষৰ বাবে হাতী ছাফাৰী মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো ২০২৬-২৭ পর্যটন বর্ষৰ বাবে আজি হাতী ছাফাৰী আৰম্ভ হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলত বন বিভাগৰ আৰু বাগৰি বনাঞ্চলত ব্যক্তিগত খণ্ডৰ হাতীত উঠি পর্যটকে ৰাষ্ট্ৰীয় উদ্যানখনৰ সৌন্দর্য উপভোগ কৰিব পাৰিব। আজি প্রথম দিনটোতে হাতী ছাফাৰীৰ বাবে বহু পৰ্যটকৰ আগমন ঘটিছে বুলি উদ্যান ...

November 1, 2026 7:54 PM

views 8

ধুবুৰীৰ আলমগঞ্জৰ সপ্তম আৰু নৱম খণ্ড অঞ্চলৰ প্ৰায় ৬০০ বিঘা ভূমিত উচ্ছেদ সম্পন্ন

ধুবুৰী জিলাৰ আলমগঞ্জৰ সপ্তম আৰু নৱম খণ্ড অঞ্চলৰ প্ৰায় ৬০০ বিঘা ভূমি দখলমুক্ত কৰাৰ বাবে জিলা প্রশাসনে উচ্ছেদ অভিযান চলায়। প্রায় ৬৫০ বিঘা চৰকাৰী ভূমি দখলমুক্ত কৰাৰ বাবে এই অভিযান চলায়। প্রশাসনে দিয়া জাননী অনুসৰি ভূমি দখল কৰি থকা লোকসকলৰ ৮০ শতাংশই ইতিমধ্যে এই স্থান এৰি আঁতৰি গৈছে। উল্লেখযোগ্য যে চৰকাৰে...

November 1, 2026 7:52 PM

views 8

বুলেট ট্রেইন কৰিড’ৰ গুৱাহাটীলৈ সম্প্ৰসাৰণৰ সিদ্ধান্তত কেন্দ্ৰীয় চৰকাৰক আদৰণি

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ পৰা শিলিগুৰিলৈ প্রস্তাবিত বুলেট ট্রেইন কৰিড'ৰ গুৱাহাটীলৈ সম্প্ৰসাৰণৰ বাবে লোৱা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ প্ৰতি আদৰণি জনাইছে। প্রস্তাবত অনুমোদন জনোৱাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী আৰু ৰে'ল মন্ত্রী অশ্বিনী বৈষ্ণৱক ৰাজ্যবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰি ড০ শ...

November 1, 2026 12:50 PM

views 9

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৮১টা নিৰ্ধাৰিত কেন্দ্ৰত ২০২৬-২৭ বৰ্ষৰ বাবে ধান ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ

ৰাজ্যৰ কৃষি ক্ষেত্ৰক আধুনিক স্বচ্ছ আৰু প্ৰযুক্তি নিৰ্ভৰ অর্থনীতি হিচাপে গঢ়ি তোলাৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাপে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৮১ টা নিৰ্ধাৰিত কেন্দ্ৰত ২০২৬-২৭ বৰ্ষৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৮১টা নিৰ্ধাৰিত কেন্দ্ৰত ২০২৬-২৭ বৰ্ষৰ বাবে ধান ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ আৰম্ভ হৈছে। এইবাৰ প্ৰ...

November 1, 2026 12:42 PM

views 5

ধুবুৰী জিলাৰ আলমগঞ্জৰ প্রায় ৬০০ বিঘা ভূমি দখলমুক্ত কৰাৰ বাবে জিলা প্রশাসনৰ উচ্ছেদ অভিযান

  ধুবুৰী জিলাৰ আলমগঞ্জৰ প্রায় ৬০০ বিঘা ভূমি দখলমুক্ত কৰাৰ বাবে জিলা প্রশাসনে আজি উচ্ছেদ অভিযান চলাইছে। উচ্ছেদৰ সময়ত যাতে কোনো অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰবাবে অঞ্চল কেইটাত প্রশাসনিক বিষয়াৰ লগতে আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। প্রশাসনে স্বাস্থ্য কর্মী, এম্বুলেন্সকে ধৰি সকলো জৰুৰীকালীন ব্য...

November 1, 2026 12:35 PM

views 13

গুৱাহাটীত আজিৰে পৰা প্ৰতি লিটাৰ গাখীৰৰ মূল্য দুটকা বৃদ্ধি

গুৱাহাটীত আজিৰে পৰা প্ৰতি লিটাৰ গাখীৰৰ মূল্য দুটকা বৃদ্ধি পাইছে। গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত বৃহত্তৰ গুৱাহাটী গো-পালক সংস্থাৰ মুখপাত্র ইন্দ্ৰ ভৰালীয়ে কালি এই কথা সদৰি কৰে। তেওঁ কয়, যে উৎপাদন, পৰিবহণ, পশু খাদ্য আৰু অন্যান্য ব্যয় বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বৃহত্তৰ গুৱাহাটী গো-পালক সং...

November 1, 2026 12:26 PM

views 12

মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠক

ৰাজ্য চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে কালি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চুকাফা সভাকক্ষত জিলা আয়ুক্ত মৃদুল যাদৱৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে শিৱসাগৰ আৰু চৰাইদেউ জিলাত বর্তমান ৰূপা...