বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাৰ পৰহিলৈৰ পৰা স্পেইন ভ্ৰমণ

বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাই পৰহিলৈৰ পৰা তিনিদিনীয়া চৰকাৰী কাৰ্য্যসূচীৰে স্পেইন ভ্ৰমণ কৰিব। এই ভ্রমণকালত শ্রীমাৰ্ঘেৰিটাই স্পেইনে আয়োজন কৰা ৩০ সংখ্যক ইবেৰ আমেৰিকান শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। ভাৰতে এই সন্মিলনত সহযোগী পৰ্য্যবেক্ষণকাৰী ৰাষ্ট্ৰ হিচাপে অংশগ্রহণ কৰিব। স্পেইন, পর্তুগাল আৰু এণ্ডোৰাকে ধৰি ইউৰোপৰ তিনিখন দেশ আৰু লেটিন আমেৰিকাৰ ১৯ খন দেশৰ সৈতে মুঠ ২২ খন সদস্য ৰাষ্ট এই সন্মিলনত অন্তর্ভুক্ত হৈ আছে। তদুপৰি, ১২ খন পৰ্য্যবেক্ষণকাৰী ৰাষ্ট্ৰ আৰু ২০ খন পৰামৰ্শদাতা পর্যবেক্ষক ৰাষ্ট্রও এই অনুষ্ঠানত অন্তর্ভুক্ত হৈ আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্রকাশ কৰা অনুসৰি, ভাৰত-স্পেইন সংস্কৃতি, পর্য্যটন আৰু কৃত্রিম বুদ্ধিমত্তাৰ দ্বিতীয় বর্ষ উদযাপনৰ চলি থকা কাৰ্য্যসূচীৰ মাজতে এই ভ্রমণ গুৰুত্বপূর্ণ হিচাপে পৰিগণিত হৈছে। শ্রীমাৰ্ঘেৰিটাই এই শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ অৱসৰত কেইবাখনো গুৰুত্বপূৰ্ণ দেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্য মন্ত্রীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। তদুপৰি, মন্ত্ৰীগৰাকীয়ে মাদ্রিদত থকা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও মত-বিনিময় কৰিব।