কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো ২০২৬-২৭ পর্যটন বর্ষৰ বাবে আজি হাতী ছাফাৰী আৰম্ভ হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলত বন বিভাগৰ আৰু বাগৰি বনাঞ্চলত ব্যক্তিগত খণ্ডৰ হাতীত উঠি পর্যটকে ৰাষ্ট্ৰীয় উদ্যানখনৰ সৌন্দর্য উপভোগ কৰিব পাৰিব। আজি প্রথম দিনটোতে হাতী ছাফাৰীৰ বাবে বহু পৰ্যটকৰ আগমন ঘটিছে বুলি উদ্যান কর্তৃপক্ষই প্রকাশ কৰে। ইতিমধ্যে অসমৰ কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যলৈ দেশী-বিদেশী পর্যটকৰ আগমন ঘটিছে।
ইপিনে মানস ৰাষ্ট্ৰীয় উদ্যানত আজি পুৱা মাংগলিক কাৰ্যসূচীৰে ২০২৬-২৭ পর্যটন বর্ষৰ বাবে হাতী ছাফাৰী আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলৰ বন সংমণ্ডল বিষয়া নীতিশ বড়োৱে সাংবাদিকৰ আগত জনোৱা মতে পর্যটকসকলে পুৱা ৬ বজাৰ পৰা ৭ বজালৈ আৰু ৭ বজাৰ পৰা ৮ বজালৈ এঘণ্টাকৈ হাতী চাফাৰী কৰিব পাৰিব। মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী আৰু ভূঞাপাৰা বনাঞ্চলত হাতী ছাফাৰী উপলব্ধ হ’ব বুলি বিষয়াগৰাকীয়ে প্রকাশ কৰে।