November 1, 2026 7:52 PM | Assam Bullet Train

printer

বুলেট ট্রেইন কৰিড’ৰ গুৱাহাটীলৈ সম্প্ৰসাৰণৰ সিদ্ধান্তত কেন্দ্ৰীয় চৰকাৰক আদৰণি

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ পৰা শিলিগুৰিলৈ প্রস্তাবিত বুলেট ট্রেইন কৰিড’ৰ গুৱাহাটীলৈ সম্প্ৰসাৰণৰ বাবে লোৱা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ প্ৰতি আদৰণি জনাইছে। প্রস্তাবত অনুমোদন জনোৱাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী আৰু ৰে’ল মন্ত্রী অশ্বিনী বৈষ্ণৱক ৰাজ্যবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰি ড০ শর্মাই আজি সামাজিক মাধ্যমযোগে কয় যে, এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠিলে গুৱাহাটীৰ পৰা দিল্লীলৈ ৮ ঘণ্টাৰো কম সময়ত যাত্ৰা কৰিব পৰা যাব। এই প্ৰকল্পৰ ফলত ৰাজ্যত যুব প্রজন্ম, উদ্যোগী, ব্যবসায়ী আৰু পৰ্যটন ক্ষেত্ৰৰ বাবে বৃহৎ সম্ভাৱনাৰ দুৱাৰ মুকলি হ’ব বুলি তেওঁ উল্লেখ কৰে।

বাৰাণসী-নতুন দিল্লী বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ ৰে’লৰ শুভাৰম্ভ কৰি ৰে’লমন্ত্রী অশ্বিনী বৈষ্ণৱে কালি কয় যে বুলেট ট্রেইন নেটৱৰ্কৰ উত্তৰ কৰিৰ্ডৰৰ জৰিয়তে উত্তৰ আৰু পূব ভাৰতৰ যোগাযোগ ব্যৱস্থাত বৈপ্লবিক পৰিৱৰ্তন আনি দিল্লী আৰু শিলিগুৰিৰ মাজত যাত্ৰাৰ সময় বৰ্তমানৰ ২০ ঘণ্টাৰ পৰিবৰ্তে মাত্র ৬ ঘণ্টালৈ হ্রাস কৰাৰ লক্ষ্য লোৱা হৈছে। এই দ্রুতবেগী ৰে’ল কৰিডৰে প্ৰায় এহেজাৰ ৫০০ কিলোমিটাৰ সামৰি ল’ব আৰু অসমত প্ৰৱেশৰ পূৰ্বে উত্তৰ প্রদেশ, বিহাৰ তথা পশ্চিমবংগৰ গুৰুত্বপূৰ্ণ চহৰৰ মাজেৰে পাৰ হ’ব। এই বুলেট ট্রেইন কৰিডৰৰ মূল ষ্টেচনসমূহৰ ভিতৰত দিল্লী, আগ্রা, কাণপুৰ, লক্ষ্ণৌ, অযোধ্যা, বাৰাণসী, প্রয়াগৰাজ, পাটনা, শিলিগুৰি আৰু গুৱাহাটী থাকিব বুলি শ্রীবৈষ্ণবে প্রকাশ কৰে। তেওঁ কয়, যে ইয়াৰ বাবে টিকটৰ নিৰিখ বিমানৰ নিৰিখতকৈ যথেষ্ট কম হ’ব। ক্ষুদ্র উদ্যোগসমূহৰ বিকাশৰ বাবে পৰিকল্পনা কৰা এই দ্রুতবেগী ৰে’ল নেটৱৰ্কৰ জৰিয়তে মধ্য আয়ৰ পৰিয়াল, যুৱক-যুৱতী তথা স্থানীয় কাৰিকৰসকল প্রত্যক্ষভাৱে উপকৃত হব বুলি শ্রীবৈষ্ণৱে মন্তব্য কৰে।