November 1, 2026 7:52 PM
8
বুলেট ট্রেইন কৰিড’ৰ গুৱাহাটীলৈ সম্প্ৰসাৰণৰ সিদ্ধান্তত কেন্দ্ৰীয় চৰকাৰক আদৰণি
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ পৰা শিলিগুৰিলৈ প্রস্তাবিত বুলেট ট্রেইন কৰিড'ৰ গুৱাহাটীলৈ সম্প্ৰসাৰণৰ বাবে লোৱা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ প্ৰতি আদৰণি জনাইছে। প্রস্তাবত অনুমোদন জনোৱাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী আৰু ৰে'ল মন্ত্রী অশ্বিনী বৈষ্ণৱক ৰাজ্যবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰি ড০ শর্মাই আজি সামাজিক মাধ্যমযোগে কয় যে, এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠিলে গুৱাহাটীৰ পৰা দিল্লীলৈ ৮ ঘণ্টাৰো কম সময়ত যাত্ৰা কৰিব পৰা যাব। এই প্ৰকল্পৰ ফলত ৰাজ্যত যুব প্রজন্ম, উদ্যোগী, ব্যবসায়ী আৰু পৰ্যটন ক্ষ...