November 1, 2026 7:54 PM | eviction

printer

ধুবুৰীৰ আলমগঞ্জৰ সপ্তম আৰু নৱম খণ্ড অঞ্চলৰ প্ৰায় ৬০০ বিঘা ভূমিত উচ্ছেদ সম্পন্ন

ধুবুৰী জিলাৰ আলমগঞ্জৰ সপ্তম আৰু নৱম খণ্ড অঞ্চলৰ প্ৰায় ৬০০ বিঘা ভূমি দখলমুক্ত কৰাৰ বাবে জিলা প্রশাসনে উচ্ছেদ অভিযান চলায়। প্রায় ৬৫০ বিঘা চৰকাৰী ভূমি দখলমুক্ত কৰাৰ বাবে এই অভিযান চলায়। প্রশাসনে দিয়া জাননী অনুসৰি ভূমি দখল কৰি থকা লোকসকলৰ ৮০ শতাংশই ইতিমধ্যে এই স্থান এৰি আঁতৰি গৈছে। উল্লেখযোগ্য যে চৰকাৰে ৮২০টা পৰিয়াললৈ এই সন্দৰ্ভত জাননী জাৰি কৰিছিল। উচ্ছেদৰ সময়ত যাতে কোনো অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে অঞ্চল কেইটাত প্রশাসনিক বিষয়াৰ লগতে আৰক্ষী বাহিনী মোতায়েন কৰা হৈছিল। এই উচ্ছেদ অভিযানৰ সময়ত প্রশাসনে অঞ্চলটোত স্বাস্থ্য কর্মী, এম্বুলেন্সকে ধৰি সকলো জৰুৰীকালীন ব্যবস্থাও গ্রহণ কৰিছিল। আমাৰ ধুবুৰীৰ সংবাদদাতাই জনোৱা মতে আলমগঞ্জৰ সপ্তম আৰু নৱম খণ্ড অঞ্চলত অবৈধভাবে বাস কৰা লোকসকলক উচ্ছেদৰ বাবে জিলা প্রশাসনে জাননী জাৰি কৰিছিল। ২০২৫ চনত দ্বিতীয় এডভান্টেজ আছামত আলমগঞ্জ অঞ্চলৰ প্ৰায় ৪ হাজাৰ বিঘা মাটিত উদ্যোগ স্থাপনৰ বাবে সিদ্ধান্ত লোৱাৰ পৰৱৰ্তী সময়ত চৰকাৰী ভূমি অবৈধভাবে দখল কৰাসকলৰ বিৰুদ্ধে জাননী জাৰি কৰা হৈছিল। এই জাননী লাভৰ পাছতে কিছু সংখ্যক পৰিয়াল অঞ্চলটোৰ পৰা আঁতৰি যায় যদিও বহুলোক ৰৈ যায়। বাকী থকা লোকসকলক উচ্ছেদৰ বাবে আজি পুৱাৰে পৰা এই অভিযান চলোৱা হৈছে।