ধৰতী আবা হিচাপে বিভূষিত জনজাতীয় সম্প্ৰদায়ৰ নেতা ভগৱান বীৰছা মুণ্ডাৰ জয়ন্তীৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্রালয়ে আজিৰে পৰা ১৫ নৱেম্বৰলৈ জনজাতীয় গৌৰৱ দিৱস উদযাপন কৰিছে। ২০২১ চনত নেতাগৰাকীৰ জয়ন্তী ১৫ নৱেম্বৰৰ সৈতে সংগতি ৰাখি ভাৰতৰ জনজাতীয় লোকসকলৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসক সোঁৱৰণ কৰাৰ বাবে এই দিবস উদযাপনৰ সিদ্ধান্ত লোৱা হয়। ২০২৪-২৫ বৰ্ষত বীৰছা মুণ্ডাৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন কৰা হয়। এইবেলিও এই জয়ন্তীৰ সৈতে সংগতি ৰাখি দেশৰ বিভিন্ন ৰাজ্যত তিনি শতাধিক প্রকল্প ৰূপায়ণ কৰিবলৈ লোৱা হৈছে। ইয়াৰ ভিতৰত ২২৮টা উদ্বোধন আৰু ৭৪টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হব।
ৰাজ্যৰ ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি এই দিবস উদযাপন সন্দর্ভত গুৱাহাটীত এখন সংবাদ মেল সম্বোধন কৰে। তেওঁ কয় যে জনজাতীয় লোকসকলৰ কল্যাণৰ লক্ষ্যৰে আজিৰে পৰা ১৫ নৱেম্বৰলৈ এই দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে।
মন্ত্ৰীগৰাকীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নিৰ্ধাৰণ কৰা লক্ষ্য অনুসৰি জনজাতীয় লোকসকলৰ কল্যাণৰ বাবে ৮০ হাজাৰ কোটি টকা আবণ্টনকে ধৰি বিভিন্ন উন্নয়নমূলক পদক্ষেপ লোৱা হৈছে। ইয়াৰ লগতে গুণগত শিক্ষা প্ৰদানৰ বাবে একলব্য আদর্শ আবাসিক বিদ্যালয়ৰ সংখ্যা বৃদ্ধিৰ কথাও বিবেচনা কৰা হৈছে। জনজাতীয় ছাত্র-ছাত্ৰীসকলৰ বাবে এই সময়ছোৱাতেই ছাত্রাবাস আৰু ছাত্রীনিবাসৰ আধাৰশিলাও স্থাপন কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।