ধুবুৰী জিলাৰ আলমগঞ্জৰ প্রায় ৬০০ বিঘা ভূমি দখলমুক্ত কৰাৰ বাবে জিলা প্রশাসনৰ উচ্ছেদ অভিযান

 

ধুবুৰী জিলাৰ আলমগঞ্জৰ প্রায় ৬০০ বিঘা ভূমি দখলমুক্ত কৰাৰ বাবে জিলা প্রশাসনে আজি উচ্ছেদ অভিযান চলাইছে। উচ্ছেদৰ সময়ত যাতে কোনো অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰবাবে অঞ্চল কেইটাত প্রশাসনিক বিষয়াৰ লগতে আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।

প্রশাসনে স্বাস্থ্য কর্মী, এম্বুলেন্সকে ধৰি সকলো জৰুৰীকালীন ব্যৱস্থাও গ্রহণ কৰিছে। আমাৰ ধুবুৰীৰ সংবাদদাতাই জনোৱা মতে আলমগঞ্জৰ সপ্তম আৰু নৱম খণ্ড অঞ্চলত অবৈধভাবে বাস কৰা লোকসকলক উচ্ছেদৰ বাবে জিলা প্রশাসনে জাননী জাৰি কৰিছিল।

২০২৫ চনত দ্বিতীয় এডভান্টেজ আছামত আলমগঞ্জ অঞ্চলৰ প্ৰায় ৪ হাজাৰ বিঘা মাটিত উদ্যোগ স্থাপনৰ বাবে সিদ্ধান্ত লোৱাৰ পৰৱৰ্তী সময়ত চৰকাৰী ভূমি অবৈধভাৱে দখল কৰাসকলৰ বিৰুদ্ধে জাননী জাৰি কৰা হৈছিল।

এই জাননী লাভৰ পাছতে কিছু সংখ্যক পৰিয়াল অঞ্চলটোৰ পৰা আঁতৰি যায় যদিও বহুলোক ৰৈ যায়। বাকী থকা লোকসকলক উচ্ছেদৰ বাবে আজি পুৱাৰে পৰা এই অভিযান চলোৱা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।