November 1, 2026 12:42 PM

views 5

ধুবুৰী জিলাৰ আলমগঞ্জৰ প্রায় ৬০০ বিঘা ভূমি দখলমুক্ত কৰাৰ বাবে জিলা প্রশাসনৰ উচ্ছেদ অভিযান

  ধুবুৰী জিলাৰ আলমগঞ্জৰ প্রায় ৬০০ বিঘা ভূমি দখলমুক্ত কৰাৰ বাবে জিলা প্রশাসনে আজি উচ্ছেদ অভিযান চলাইছে। উচ্ছেদৰ সময়ত যাতে কোনো অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰবাবে অঞ্চল কেইটাত প্রশাসনিক বিষয়াৰ লগতে আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। প্রশাসনে স্বাস্থ্য কর্মী, এম্বুলেন্সকে ধৰি সকলো জৰুৰীকালীন ব্যৱস্থাও গ্রহণ কৰিছে। আমাৰ ধুবুৰীৰ সংবাদদাতাই জনোৱা মতে আলমগঞ্জৰ সপ্তম আৰু নৱম খণ্ড অঞ্চলত অবৈধভাবে বাস কৰা লোকসকলক উচ্ছেদৰ বাবে জিলা প্রশাসনে জাননী জাৰি কৰিছিল। ২০২৫ চনত দ্বিতীয় এডভান্টেজ আছামত আলমগঞ্জ...