উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নিৰ্মাণ শাখাৰ মহা প্ৰৱন্ধক আশীষ বাঞ্চালে কালি নগাঁও জিলাৰ জখলাবন্ধা ষ্টেচনত গুৱাহাটীক সংযোগ কৰি নিৰ্মাণ হ’বলগীয়া তৃতীয়টো ৰে’লপথৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। মহা প্ৰৱন্ধকগৰাকীয়ে কয়, যে কলিয়াবৰৰ শালনা ৰে’ল ষ্টেচনৰ পৰা গোলাঘাট জিলাৰ খুমটাই সংযোগী আৰু শিলঘাট ষ্টেচনৰ পৰা ব্ৰহ্মপুত্ৰৰ ওপৰেৰে তেজপুৰক সংযোগ কৰি ৰে’লপথ নিৰ্মাণ কৰা হ’ব। মহা প্ৰৱন্ধকগৰাকীয়ে কালি উজনি অসমো ভ্ৰমণ কৰে। উল্লেখযোগ্য যে মহা-প্ৰৱন্ধকগৰাকীয়ে সদৰি কৰা এই দুটা তথ্যই নগাঁও আৰু কলিয়াবাসীৰ মাজত আশাৰ সঞ্চাৰ কৰিছে। আমাৰ সংবাদদাতাই জনোৱা মতে এই ৰে’লপথ নিৰ্মাণৰ বাবে ইতিমধ্যে জৰীপ সম্পূৰ্ণ হৈছে। ৰে’লপথ দুটা নিৰ্মাণ হ’লে উজনি অসম আৰু উত্তৰ অসমৰ যাতায়াত ব্যৱস্থা অধিক উন্নত হ’ব বুলি আশা কৰা হৈছে ।
Assamese | November 11, 2026 11:06 AM | Ashish bansal
জখলাবন্ধা ষ্টেচনত গুৱাহাটীক সংযোগ কৰি নিৰ্মাণ হ’বলগীয়া তৃতীয়টো ৰে’লপথৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ খতিয়ান আশীষ বাঞ্চালৰ