July 16, 2026 12:46 PM

views 4

অহা ২৫ জুলাইত গুৱাহাটীৰ জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহত কৃষি আন্তঃগাঁথনি পুঁজি সজাগতা কাৰ্যসূচী

কৃষিমন্ত্রী পীযুষ হাজৰিকাই অহা ২৫ জুলাইত গুৱাহাটীৰ জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহত হ'বলগীয়া কৃষি আন্তঃগাঁথনি পুঁজি সজাগতা কাৰ্যসূচীত অংশ ল'বলৈ বিধায়কসকলক নিজ নিজ সমষ্টিৰ পৰা প্ৰগতিশীল কৃষক, কৃষি উদ্যোগী আৰু অন্যান্য অংশীদাৰসকলক সংগঠিত কৰাৰ বাবে আহ্বান জনাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অংশ ল'ব...

July 16, 2026 12:45 PM

views 20

পুৰীত বিশ্ববিখ্যাত ৰথযাত্ৰাৰ আজি শুভাৰম্ভ

ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথ আৰু তেওঁৰ দুগৰাকী সহোদৰ-সহোদৰা বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্ববিখ্যাত ৰথযাত্ৰাৰ আজি শুভাৰম্ভ কৰা হ'ব। এই বাৰ্ষিক উৎসৱত প্ৰভু জগন্নাথ, তেওঁৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাক ৰথত তুলি ৰাইজক দৰ্শন কৰোৱাৰ লগতে প্ৰভু জগন্নাথৰ মাহীয়েকৰ বাসগৃহ হিচাপে বিশ্বাস কৰা গুন্দিছা ম...

July 16, 2026 12:31 PM

views 7

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ হাৰিয়ানা, চণ্ডীগড় আৰু পঞ্জাৱ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ হাৰিয়ানা, চণ্ডীগড় আৰু পঞ্জাৱ ভ্ৰমণ কৰিব। এই ভ্রমণকালত প্রধানমন্ত্ৰীয়ে হাৰিয়ানাৰ জিন্দ ৰে'লৱে ষ্টেচনত জিন্দ আৰু শোনিপতৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন হাইড্ৰ'জেন ৰে'লৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। শ্রীমোদীয়ে জিন্দৰ একলব্য ষ্টেডিয়ামত ১৪ হাজাৰ ৭০০ কোটি টকা ব্যয়...

July 16, 2026 12:29 PM

views 8

ভাৰত-ইউৰোপীয় সংঘৰ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ বৈঠকে অধিক আগবঢ়াই নিব বুলি ড০ এছ জয়শংকৰৰ প্ৰকাশ

ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তি, নিৰাপত্তা আৰু প্ৰতিৰক্ষা সহযোগিতা আৰু যোগাযোগ পৰিকাঠামোৰ দ্বাৰা গঢ় লৈ উঠা সহযোগিতাৰ শক্তিশালী গতি ভাৰত-ইউৰোপীয় সংঘৰ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ বৈঠকে অধিক আগবঢ়াই নিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে আস্থা প্ৰকাশ কৰিছে। ভাৰত আৰু ইউৰোপীয় সংঘৰ ব...

July 16, 2026 12:24 PM

views 14

ভাৰত আৰু বেলজিয়ামৰ বিভিন্ন ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে সন্মতি প্ৰকাশ

ভাৰত আৰু বেলজিয়ামে বাণিজ্য আৰু বিনিয়োগ, সেউজ শক্তি ৰূপান্তৰ, উদ্ভাৱন আৰু প্ৰযুক্তি, যোগাযোগ, প্ৰতিৰক্ষা, নিৰাপত্তা, আঞ্চলিক আৰু গোলকীয় বিষয়ৰ লগতে দুয়ো দেশৰ জনসাধাৰণৰ মাজত বিনিময়কে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে। ভাৰত আৰু বেলজিয়ামৰ কৌশলগত আলোচনা প্রক্রিয়...

July 16, 2026 12:18 PM

views 20

ভাৰত আজি ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত অৱতীৰ্ণ হ’ব

ভাৰত আজি ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত অৱতীৰ্ণ হ'ব। খেলখন কার্ডিফৰ ছফিয়া গার্ডেনত ভাৰতীয় সময় অনুসৰি বিয়লি চাৰে ৫ বজাত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে মঙলবাৰে বার্মিংহামৰ এজ্জবাষ্টনত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে ঘৰুৱা দলটোক ৬ উইকেটত প...

July 16, 2026 12:16 PM

views 16

বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি আর্জেণ্টিনা ফাইনেলত প্ৰৱেশ

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ বিগত সংস্কৰণৰ বিজয়ী আর্জেণ্টিনাই এইবেলিও দ্বিতীয়টো দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলান্টা ষ্টেডিয়ামত যোৱানিশা অনুষ্ঠিত প্রতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আর্জেণ্টিনাই ইংলেণ্ডক ২-১ গ’লত পৰাস্ত কৰে। প্ৰথমার্ধ গ’লবিহীনভাৱে সমাপ্ত হোৱা খেলখনৰ ...

July 16, 2026 12:12 PM

views 12

জ্যোতিপ্রসাদ কানৈক সন্মানীয় লাইফ টাইম লিগেচি বঁটা প্ৰদান

ডিব্ৰুগড়ৰ জ্যেষ্ঠ চার্টার্ড একাউণ্টেণ্ট জ্যোতিপ্রসাদ কানৈক নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত সন্মানীয় লাইফ টাইম লিগেচি বঁটা প্ৰদান কৰা হয়। দেশৰ অগ্ৰণী ব্যৱসায়িক ছফ্‌টৱেৰ প্ৰতিষ্ঠান টেলী ছল্যুচনছ লিমিটেডে প্ৰৱৰ্তন কৰা এই বঁটাটি শ্ৰীকানৈক প্রতিষ্ঠানটোৰ উপাধ্যক্ষ, পদ্মশ্ৰী সন্মানেৰে সন্মানিত ভৰত গ...

July 16, 2026 12:06 PM

views 18

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গৱেষণাত অসমত প্ৰথমবাৰৰ বাবে দুৰ্লভ মালয়ান বাঁহ বাদুলীৰ উপস্থিতি নথিভুক্ত

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এটা গুৰুত্বপূৰ্ণ প্ৰাণী বিজ্ঞানভিত্তিক গৱেষণাত অসমত প্ৰথমবাৰৰ বাবে দুৰ্লভ মালয়ান বাঁহ বাদুলীৰ উপস্থিতি বৈজ্ঞানিকভাৱে নথিভুক্ত কৰিছে। এই উদ্ভাবনে জৈৱ বৈচিত্ৰ্যৰ ভঁৰাললৈ বুলি নতুন সংযোজন ঘটোৱাৰ লগতে বাদুলীৰ বৈচিত্র্য সম্পৰ্কীয় গৱেষণাত মাইলৰ খুঁটি হিচাপে কাম কৰিব। বি...

July 16, 2026 11:51 AM

views 12

শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ক্রীড়া বিশ্ববিদ্যালয়ৰ ডিব্ৰুগড় জিলাৰ ঔদ্যোগিক ভৱনত থকা অস্থায়ী কাৰ্যালয় পৰিদৰ্শন ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ক্রীড়া বিশ্ববিদ্যালয়ৰ ডিব্ৰুগড় জিলাৰ ঔদ্যোগিক ভৱনত থকা অস্থায়ী কাৰ্যালয় পৰিদৰ্শন কৰে আৰু চাবুৱাৰ পানীএৰা গাঁৱত হৈ থকা নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শনৰ অন্তত হোৱা আলোচনাত বিশ্ববিদ্যালয় কর্তৃপক্ষই ৰাজ্যপালগৰাকীক বিশ্ববিদ্যালয়খনে ...