ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গৱেষণাত অসমত প্ৰথমবাৰৰ বাবে দুৰ্লভ মালয়ান বাঁহ বাদুলীৰ উপস্থিতি নথিভুক্ত

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এটা গুৰুত্বপূৰ্ণ প্ৰাণী বিজ্ঞানভিত্তিক গৱেষণাত অসমত প্ৰথমবাৰৰ বাবে দুৰ্লভ মালয়ান বাঁহ বাদুলীৰ উপস্থিতি বৈজ্ঞানিকভাৱে নথিভুক্ত কৰিছে। এই উদ্ভাবনে জৈৱ বৈচিত্ৰ্যৰ ভঁৰাললৈ বুলি নতুন সংযোজন ঘটোৱাৰ লগতে বাদুলীৰ বৈচিত্র্য সম্পৰ্কীয় গৱেষণাত মাইলৰ খুঁটি হিচাপে কাম কৰিব। বিশ্ববিদ্যালয়খনৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড০ অক্ষয় কুমাৰ হালৈ আৰু ছাত্ৰ যুগল কিশোৰ তালুকদাৰৰ গৱেষণাত গোৱালপাৰাৰ শিলুক অঞ্চলত এই বাদুলীৰ উপস্থিতি প্রমাণিত হয়। এই নতুন নথিভুক্তিৰ ফলত অসমত জ্ঞাত বাদুলীৰ প্ৰজাতিৰ সংখ্যা ৩৯ৰ পৰা ৪০লৈ বৃদ্ধি পাইছে। ভাৰতীয় প্ৰাণী বিজ্ঞানী সমীক্ষা, শ্বিলঙৰ উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক কেন্দ্ৰ আৰু মুম্বাইৰ প্ৰজিনম লেবৰেট’ৰীৰ বিশেষজ্ঞসকলে বাদুলীৰ প্ৰজাতিটোৰ সত্যাসত্য নিৰূপণ কৰিছে।