ভাৰত আৰু বেলজিয়ামে বাণিজ্য আৰু বিনিয়োগ, সেউজ শক্তি ৰূপান্তৰ, উদ্ভাৱন আৰু প্ৰযুক্তি, যোগাযোগ, প্ৰতিৰক্ষা, নিৰাপত্তা, আঞ্চলিক আৰু গোলকীয় বিষয়ৰ লগতে দুয়ো দেশৰ জনসাধাৰণৰ মাজত বিনিময়কে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে। ভাৰত আৰু বেলজিয়ামৰ কৌশলগত আলোচনা প্রক্রিয়া কালি ব্ৰাচেলছত অনুষ্ঠিত প্রশাসন বৈঠকত অধিক গাঁথনিগত আৰু সৰ্বাত্মক অংশীদাৰিত্ব মাধ্যমেৰে দ্বিপাক্ষিক সম্পৰ্কৰ সবলীকৰণত গুৰুত্ব আৰোপ কৰা হয়। এই আলোচনাৰ উদ্বোধনী সত্ৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু বেলজিয়ামৰ উপ-প্রধানমন্ত্রী তথা বৈদেশিক পৰিক্ৰমা, ইউৰোপীয় পৰিক্ৰমা আৰু উন্নয়ন সহযোগিতা মন্ত্রী মেক্সিম প্রিভ’টে যুটীয়াভাৱে অধ্যক্ষতা কৰে। ড০ জয়শংকৰে কয়, যে ইউৰোপৰ সৈতে ভাৰতৰ সংযোগ সাধনৰ ক্ষেত্ৰত বেলজিয়ামে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ কয়, যে দ্বিপাক্ষিক অংশীদাৰিত্ব গভীৰ হোৱাৰ লগে লগে ভাৰত- ইউৰোপীয় সংঘৰ সম্পৰ্কই অধিক কৌশলগত গুৰুত্ব লাভ কৰিব। ইয়াৰ ফলত দুয়ো দেশে পৰিপূৰক বিষয়সমূহৰ ওপৰত ফলপ্রসূভাৱে কাম কৰিবলৈ সমৰ্থ হ’ব। শ্রীপ্রিভ’টে কয়, যে যোৱা বছৰৰ মাৰ্চত বেলজিয়ামৰ অৰ্থনৈতিক অভিযানে দুয়োখন দেশৰ মাজত পাৰস্পৰিক অর্থনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত শক্তি আৰু গতিশীলতাকে প্ৰতিপন্ন কৰিছে। তেওঁ কয়, যে বাণিজ্য, বিনিয়োগ আৰু উদ্ভাৱনে দুয়োখন দেশক নিকট সহযোগী কৰি তোলাৰ লগতে ভৱিষ্যতৰ সহযোগিতাৰ দিশত ভেটি সুদৃঢ় কৰিছে। দুয়ো দেশৰ মাজৰ কৌশলগত আলোচনা প্রক্রিয়াক নিয়মীয়াকৈ দেশ দুখনৰ চৰকাৰৰ উচ্চ পৰ্যায়ৰ যোগাযোগৰ জৰিয়তে সমর্থন আগবঢ়োৱা হ’ব আৰু ইয়াৰ ফলত পাৰস্পৰিক ৰাজনৈতিক বিনিময় নিশ্চিত হ’ব। চলিত বছৰৰ শেষৰফালে দেশ দুখনৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ ভ্ৰমণে মূল বিষয়সমূহক আগবঢ়াই নিয়াৰ লগতে জনসাধাৰণৰ সুবিধা হোৱাকৈ ফলপ্রসূ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। উল্লেখযোগ্য যে কালি ভাৰত-বেলজিয়ামৰ কৌশলগত আলোচনা প্ৰক্ৰিয়া শুভাৰম্ভ কৰাৰ সমান্তৰালভাৱে ভাৰত-ইউৰোপীয় সংঘৰ ব্যৱসায়িক মঞ্চই ফেডাৰেচন অৱ বেলজিয়াম এণ্টাৰপ্ৰাইজত আয়োজন কৰা অনুষ্ঠানত দুয়ো দেশৰ ব্যৱসায়িক প্রতিনিধিসকলে অংশগ্রহণ কৰে। এই অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ, বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেল, বাণিজ্য আৰু উদ্যোগ ৰাজ্য মন্ত্ৰী জিতিন প্ৰসাদো উপস্থিত থাকে।
Assamese | July 16, 2026 12:24 PM | India-balgium
ভাৰত আৰু বেলজিয়ামৰ বিভিন্ন ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে সন্মতি প্ৰকাশ