July 16, 2026 12:31 PM | PM Modi

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ হাৰিয়ানা, চণ্ডীগড় আৰু পঞ্জাৱ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ হাৰিয়ানা, চণ্ডীগড় আৰু পঞ্জাৱ ভ্ৰমণ কৰিব। এই ভ্রমণকালত প্রধানমন্ত্ৰীয়ে হাৰিয়ানাৰ জিন্দ ৰে’লৱে ষ্টেচনত জিন্দ আৰু শোনিপতৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’লৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। শ্রীমোদীয়ে জিন্দৰ একলব্য ষ্টেডিয়ামত ১৪ হাজাৰ ৭০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰিব। প্ৰধানমন্ত্ৰীয়ে কালি বিয়লি চণ্ডীগড়লৈ গৈ তাত ৬ হাজাৰ ৬০০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই প্রকল্পসমূহৰ ভিতৰত স্বাস্থ্যসেৱা, শিক্ষা আৰু পথ আন্তঃগাঁথনি প্রকল্প আছে। তেওঁ চণ্ডীগড়ত নৱনিৰ্মিত অত্যাধুনিক মাতৃ আৰু শিশু কেন্দ্ৰ তথা স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানত নির্মিত আধুনিক স্নায়ু বিজ্ঞান কেন্দ্ৰৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পাছতে পঞ্জাৱৰ জলন্ধৰত ৫ হাজাৰ ৪৭০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। যোগাযোগ ব্যৱস্থাৰ উন্নয়ন আৰু অঞ্চলটোত অর্থনৈতিক বিকাশ সুনিশ্চিত কৰাৰ লক্ষ্যৰে এই প্ৰকল্পসমূহ ৰূপায়ণ কৰা হ’ব।

শ্রীমোদীয়ে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত পুনৰ বিকশাই তোলা জলন্ধৰ কেণ্টকে ধৰি ৭৫টা ৰে’ল ষ্টেচনৰো শুভাৰম্ভ কৰিব ।