ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ক্রীড়া বিশ্ববিদ্যালয়ৰ ডিব্ৰুগড় জিলাৰ ঔদ্যোগিক ভৱনত থকা অস্থায়ী কাৰ্যালয় পৰিদৰ্শন কৰে আৰু চাবুৱাৰ পানীএৰা গাঁৱত হৈ থকা নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শনৰ অন্তত হোৱা আলোচনাত বিশ্ববিদ্যালয় কর্তৃপক্ষই ৰাজ্যপালগৰাকীক বিশ্ববিদ্যালয়খনে সন্মীখন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰে। ৰাজ্যপালগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ নির্মাণকার্য যথাসম্ভৱ শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ লোকনির্মাণ বিভাগক নির্দেশ দিয়ে। বিশ্ববিদ্যালয়খনে সন্মুখীন হোৱা সমস্যাসমূহ সমাধান কৰিবলৈ ক্রীড়া বিভাগৰ জৰিয়তে সম্পূর্ণ প্রচেষ্টা চলোৱা হ’ব বুলিও ৰাজ্যপালগৰাকীয়ে কৰ্তৃপক্ষক আশ্বাস দিয়ে।
ৰাজ্যপালগৰাকীৰ পৰিদৰ্শনৰ সময়ত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড০ হিৰেন্দ্ৰ নাথ শৰ্মা, পঞ্জীয়ক পংকজ বৰঠাকুৰ, জিলা উন্নয়ন আয়ুক্ত নন্দিতা বৰুৱা আৰু লোকনিৰ্মাণ বিভাগৰ শীৰ্ষ বিষয়াবৰ্গ উপস্থিত থাকে।
ৰাজ্যপালগৰাকীয়ে আজি মনোহাৰী চাহ বাগিচাত চাহ জনগোষ্ঠীৰ লোক আৰু বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰিব। তেওঁ লগতে পৰ্যটকৰ বাবে অতিথিশালাও উদ্বোধন কৰিব। দুপৰীয়াৰ ভাগত তেওঁ জিলাখনৰ শ্ৰীক্ষেত্ৰ খনিকৰত উপস্থিত হৈ দ্বাদশ শ্ৰীজগন্নাথ ৰথযাত্রা মহোৎসৱত অংশগ্ৰহণ কৰি পূজা-অৰ্চনা আগবঢ়াব।